thumbnail

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 3:38 PM IST

ETV Bharat / Videos

UP youth death due to electrocuted : টীয়কত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শ্ৰমিকৰ মৃত্যু

টীয়ক, 28 অক্টোবৰ : কাকজান দুলীয়া গাঁৱৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন । চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বিদ্যুতৰ খুঁটাত কাম কৰি থাকোতেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন শ্ৰমিকৰ । শ্ৰমিকজনৰ নাম ৰাম কিশোৰ ৷ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে ।

অন্যদিনাৰ দৰে শনিবাৰেও কাকজান উপ-বিদ্যুৎ সংমণ্ডলৰ অধীনত শ্ৰী পাৱাৰ কোম্পানীৰ হৈ চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বিদ্যুতৰ খুঁটাত কাম কৰি আছিল শ্ৰমিকজনে ৷ কিন্তু হঠাতে উচ্চ ক্ষমতাসম্পন্ন  বিদ্যুৎ পৰিবাহী তাঁৰত লাগি সংজ্ঞাহীন হৈ পৰে শ্ৰমিকজন ৷ তাৰ পাচত তেওঁক ততাতৈয়াকৈ লৈ যোৱা হয় কাকজান উপ-স্বাস্থ্য কেন্দ্ৰলৈ যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

অতি বিপদজনকভাৱে অসুৰক্ষিতকৈ ব্যক্তিগত কোম্পানীটোৰ অধীনত কাম কৰি আছিল শ্ৰমিকজনে ৷ যাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি মত প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কোনো সুৰক্ষাৰ ব্যৱস্থা নকৰাকৈ ব্যক্তিগত কোম্পানীসমূহে শ্ৰমিকক কামত নিয়োজিত কৰাক লৈ সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ লগতে শ্ৰমিকজনক উচিত ক্ষতিপূৰণ দিবলৈ ৰাইজে কোম্পানীটোক দাবী জনাইছে ৷

লগতে পঢ়ক : Dergaon Suicide Case : মৃত পুত্ৰৰ ন্যায় বিচাৰি থানাত ৰুগীয়া মাতৃ হিয়া ভগা কান্দোন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.