Unusual death of fishes:মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু - মাজুলীৰ কাকৰিকতা বিল
🎬 Watch Now: Feature Video
Published : Sep 13, 2023, 10:37 PM IST
মাজুলী, 13 ছেপ্টেম্বৰ : বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ ৷ মাজুলীৰ কাকৰিকতা বিলত উপঙিছে হাজাৰ হাজাৰ মৃত থলুৱা মাছ । উৎকট গৰমত পানী দূষিত হৈ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । কুহিঁ, বৰালী, পুঁঠি, খলিহনা, গৰৈ, নাৰ, কাৱৈ আদি মাছ মৰি এফালৰ পৰা উপঙি গৈছে । এই সম্পৰ্কে কালিৰ আমাৰ ETV bharat ৰ এই প্ৰতিবেদন চাই লওক-
লগতে পঢ়ক : Unusual death of fishes:মাজুলীৰ বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু
একাংশৰ মতে বন্ধনত থকাৰ বাবে বিলখনৰ পানী দূষিত হৈ মৃত্যু হৈছে মাছৰ । থলুৱা মাছৰ অস্বাভাৱিক মৃত্যুত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । ETV bharat ৰ বাতৰিৰ পাচতেই কাকৰিকটা বিলত উপস্থিত হৈছে মীন বিভাগৰ লোক । উপস্থিত হৈ দূষিত পানীৰ বিজ্ঞানসন্মত পৰীক্ষা কৰে বিভাগীয় লোকে । বিলৰ পানী মাছ জীয়াই থাকিবৰ বাবে উপযুক্ত নহয় বুলি মন্তব্য কৰে বিভাগীয় লোকে । মৃত মাছসমূহ পানীৰ পৰা তুলি পুতি দিবলৈ বিলখনৰ লেছিক নিৰ্দেশ দিছে মাজুলীৰ মীন বিভাগৰ লোকে ।
আনহাতে মাছৰ গেলা গোন্ধত থাকিব পৰা নাই স্থানীয় গঞা । প্ৰচণ্ড গৰমত পানী দূষিত হৈছে মাজুলীৰ অন্যান্য বিলসমূহতো ৷ থলুৱা মাছ মৰি যোৱাৰ অধিক সম্ভাৱনাই গা কৰি উঠিছে এতিয়া ৷ মীন বিভাগৰ লোকে জানিবলৈ দিয়া মতে ৰাইজে কোনো ধৰণৰ খবৰ তেওঁলোকলৈ দিয়া নাছিল ৷ বাতৰি সম্প্ৰচাৰ হোৱা দেখা পাইহে তেওঁলোক উপস্থিত হয়গৈ ৷