Baresahariya Bhaona : কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বুজ ল’লে 26 কোটি টকীয়া বাৰেচহৰীয়া ভাওনা প্ৰকল্পৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 21, 2023, 7:04 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

জাতি,ধৰ্ম, বৰ্ণ নিবিৰ্শেষে সাৰ্বজনীনভাৱে শোণিতপুৰৰ জামুগুৰিহাটত অনুষ্ঠিত হৈ আহিছে বাৰেচহৰীয়া ভাওনা সমাৰোহ (Baresahariya Bhaona)৷ প্ৰতি পাঁচ বছৰৰ মূৰে-মূৰে অনুষ্ঠিত হৈ আহিছে এই ভাওনা সমাৰোহ ৷ প্ৰায় 125 বছৰ গৰকা বাৰেচহৰীয়া ভাওনা সমাৰোহৰ বাবে অসম চৰকাৰে আগবঢ়ায় আৰ্থিক অনুদান ৷ অসম চৰকাৰে আগবঢ়োৱা 26 কোটি টকাৰে 120 বিঘা মাটিত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাস্থলীত নিৰ্মান কৰি থকা হৈছে স্থায়ী সাংস্কৃতিক প্ৰকল্প ৷ নিৰ্মীয়মান প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্য শুকুৰবাৰে জামুগুৰিহাটত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union minister Sarbananda Sonowal at Jamugurihat)৷

প্ৰকল্প পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক (MLA Padma Hazarika)৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এয়া এক উল্লেখযোগ্য পদক্ষেপ ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একান্ত প্ৰচেষ্টা আৰু স্থানীয় ৰাইজৰ সহযোগত উক্ত প্ৰকল্পটো সুন্দৰভাৱে সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ 

অহা 28 ফেব্ৰুৱাৰীত প্ৰকল্পটো মুকলি কৰা হ’ব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো মুকলি হোৱাৰ লগে লগে অসমীয়া কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক বাৰেচহৰীয়া ভাওনাই অসমীয়া জাতীয় জীৱনলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াবলৈ সক্ষম হ’ব ৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাৰেচহৰীয়া ভাওনা সঠিক ৰূপত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত 26 কোটি টকীয়া এই প্ৰকল্পই উল্লেখযোগ্য ভূমিকা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে ৷

অহা ৬, ৭, ৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব বাৰেচহৰীয়া ভাওনা ৷ এইবাৰৰ বাৰেচহৰীয়া ভাওনাত নেপালী, আদিবাসী, মাৰোৱাৰী আদি কেইবাটাও জাতি-জনগোষ্ঠায়ে অংশগ্ৰহণৰ বাবে আবেদন জনাইছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৃহত্তৰ অসমীয়া সমাজক একত্ৰিত কৰাৰ ক্ষেত্ৰত বাৰেচহৰীয়া ভাওনাই যুগে-যুগে অৱদান আগবঢ়াই আহিছে আৰু আগবঢ়াই থাকিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷

উল্লেখ্য যে, শোণিতপুৰৰ দক্ষিণ জামুগুৰিৰ অন্তৰ্গত পাছিগাঁৱৰ পশ্চিমে থকা ৰঘুদলনি পথাৰত ২১ খন ভাওনাৰে আৰম্ভ হৈছিল বাৰেচহৰীয়া ভাওনা (History of Baresahariya Bhaona)৷ সেই পৰম্পৰাৰে এই পৰ্যন্ত প্ৰতি 5 বছৰৰ অন্তত অনুষ্ঠিত কৰি অহা হৈছে ভাওনা সমাৰোহখন ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.