ৰাজনীতিৰ পথাৰত নহয়, এইবাৰ বেট লৈ খেলপথাৰত সৰ্বানন্দ সোণোৱাল - Union Minister

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:14 AM IST

ডিব্ৰুগড়,৩০ ডিচেম্বৰ: ৰাজনৈতিক ক্ষেত্ৰখনত সদায় ব্যতিক্ৰমী ৰূপত দেখা পোৱা যায় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । ৰাজনৈতিক নেতা হিচাপে নহয় এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক দেখা গ'ল ক্ৰিকেটাৰৰ ৰূপত। দিনটোৰ ব্যস্ততাৰ অন্তত নিশা ডিব্ৰুগড়ৰ জালান নগৰ ষ্টেডিয়ামত উপস্থিত হয় মন্ত্ৰীগৰাকী ।  

হাতত বেট লৈ ক্ৰিকেট অনুশীলন কৰা সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ অতি উল্লেখনীয় জালান নগৰ ষ্টেডিয়াম কেনেকৈ আটকধুনীয়াকৈ ৰাখিব পাৰি সেই বিষয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰা পৰিলক্ষিত হয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে সেই সময়ত খেলপথাৰত উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি বহুকেইজন শীৰ্ষ বিষয়া ।

লগতে পঢ়ক: নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ সমাপ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.