Bijni Sub Divisional Civil Hospital: বিজনী মহকুমা অসামৰিক চিকিৎসালয় ভাৰ্ছুৱেলী মুকলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ - Bijni Sub Divisional Civil Hospital

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:26 PM IST

চিৰাং, ১৫ অক্টোবৰ: চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী ভেটাগাঁৱস্থিত ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ৰ কাষত নতুনকৈ নিৰ্মাণ কৰা বিজনী মহকুমা অসামৰিক চিকিৎসালয়খন আজি বিয়লি মুকলি কৰা হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰাসায়নিক সাৰ মন্ত্ৰী ডাঃ মনসুখ মান্দাভিয়াই ভাৰ্চুৱেলী বিজনীৰ এশখন বিচনাযুক্ত চিকিৎসালয়খন মুকলি কৰে ৷ চিকিৎসালয়খনৰ বিজনী আয়োজিত মুকলি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়  ৷  

উক্ত অনুষ্ঠানত বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ফিৰদৌছ আলম, বিজনী মহকুমাৰ মহকুমাধিপতি অভিষেক জৈন, চিৰাং জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেহানা বেগমসহ কেইবাগৰাকী জ্যেষ্ঠ চিকিৎসক, কৰ্মচাৰী উপস্থিত থাকে ৷ 

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত ১৫ কোটি ৪০ লাথ ১৮ হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই মহকুমা অসামৰিক চিকিৎসালয়খন ৷ উল্লেখ্য যে  ২০১৯ চনৰ ২৫ নৱেম্বৰত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল ৷

লগতে পঢ়ক:Jorhat fire news: দুৰ্বাদল কাজিয়াৰ মাজতে জ্যেষ্ঠ ভাতৃয়ে জ্বলালে কণিষ্ঠ ভাতৃৰ বাসগৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.