খানাপাৰা উৰণ সেতুৰ ওপৰৰ পৰা তললৈ পেলাই হত্যাৰ চেষ্টা এজনক !
🎬 Watch Now: Feature Video
গুৱাহাটী, ৫ ডিচেম্বৰ : আভিজাত্য মহানগৰীত শেষ হৈছে নেকি মানৱতা ! কিয়নো মঙলবাৰে মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ এইবাৰৰ স্থান খানাপাৰা উৰণ সেতু । তথ্য অনুসৰি, খানাপাৰাৰ উৰণ সেতুৰ ওপৰৰ পৰা তললৈ পেলাই দিলে এজন যুৱকক । কোনো অচিনাক্ত ব্যক্তিয়ে যুৱকজনক তললৈ পেলাই দিয়া বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, ভুক্তভোগী যুৱকজন পেচাত এগৰাকী ট্ৰাক চালক । যুৱকজনৰ নাম গুৰচফি আলী । যুৱকজনৰ দেহত বহুতো আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে । ঘটনাস্থলীত ইতিমধ্যে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । লগতে গুৰুতৰভাৱে আহত যুৱকজনক বশিষ্ঠ আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।
এতিয়া প্ৰশ্ন হয়, কিহৰ বাবে দিনৰ পোহৰতে এজন যুৱকক উৰণ সেতুৰ ওপৰৰ পৰা পেলাই হত্যাৰ চেষ্টা কৰিলে দুষ্কৃতিকাৰীয়ে ? টকা পইচাৰ লেনদেন নে আন কিবা বিষয়হে এই ঘটনাৰ লগত জড়িত হৈ আছে, সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক : মৃত্যুদূতত পৰিণত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ; একে সময়তে সংঘটিত হ’ল দুটাকৈ দুৰ্ঘটনা