thumbnail

By

Published : Jul 17, 2023, 10:46 PM IST

ETV Bharat / Videos

ULFA(I) demands money: চৰাইদেউৰ বিমলাপুৰ চাহ বাগিচাত আলফাৰ ধন দাবীক লৈ তীব্ৰ চাঞ্চল্য

চৰাইদেউ, 17 জুলাই : উজনি অসমত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা স্বাধীন । ৰাজ্য চৰকাৰে আলফা স্বাধীনক আলোচনাৰ মেজলৈ আমন্ত্ৰণ কৰি থকা সময়ত পুনৰ ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে আলফা স্বাধীন । চৰাইদেউ জিলাত এখনৰ পাচত আন এখন চাহ বাগিচাৰ পৰা আলফা স্বাধীনে কৰিছে ধন দাবী । চৰাইদেউৰ বিমলাপুৰ চাহ বাগিচাত আলফাৰ ধন দাবী কৰা খবৰ ৰাজহুৱা হোৱাৰ পাচতেই সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ বাগিচাৰ পৰিচালকলৈ ফোনযোগে ধনদাবী ৷

জানিব পৰা অনুসৰি বাগিচাখনৰ পৰা ১৫ লাখ টকা ধন দাবী কৰিছে আলফা স্বাধীনে। উল্লেখযোগ্য যে কেইদিনমানৰ দিনৰ পূৰ্বেই সোণাৰিৰ টিমন চাহ বাগিচাত আলফাই ৭২ লাখ ধনদাবী কৰিছিল । ইয়াৰ পাচতেই চৰাইদেউ আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি ৰাইজক শংকিত নহ’বলৈ আহ্বান জনাইছিল যদিও খবৰ পোৱা অনুসৰি চৰাইদেউৰ প্ৰায় সংখ্যক বাগিচালৈ আলফা স্বাধীনে বৃহৎ পৰিমাণৰ ধন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : ULFA(I) Demands Extortion Money : ধনদাবী পত্ৰক লৈ উজনি অসমত খলকনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.