Drugs paddler arrested: ৰাইজে পতা জালত বন্দী ড্ৰাগছ সৰবৰাহকাৰী - Drugs Paddler Detained in Sorbhog
🎬 Watch Now: Feature Video
বৰপেটাৰোড, ২৯ এপ্ৰিল: ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । ৰাজ্যৰ ভিন্ন প্ৰান্ত অভিযান চলাই অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনেই জব্দ কৰি আহিছে বুজন পৰিমানৰ নিচাজাতীয় দ্ৰব্য (Drugs Seized in Assam) । গ্ৰেপ্তাৰ কৰিছে ইটোৰ পাচত সিটোকৈ ড্ৰাগছ সৰবৰাহকাৰীক । এতিয়া জনসাধাৰণো যেন সজাগ হৈছে সমাজৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে ।
এইবাৰ সৰভোগত ৰাইজে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুই দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক (Two youths arrested with drugs by public in Sarbhog) । শুকুৰবাৰে সৰভোগৰ সাহাপুৰত ৰাইজে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি গটাই দিয়ে আৰক্ষীক । ৰাইজৰ অভিযোগ অনুসৰি সাহাপুৰৰ এই যুৱকদ্বয়ে দীৰ্ঘদিনৰে পৰাই ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল (Drugs paddler arrested in Sorbhug) ৷
যুৱকদ্বয়ে সৰভোগৰ বগুৰীগুৰীৰ পৰা সৰভোগৰ দিশে আহি থকাৰ সময়ত সাহাপুৰত স্থানীয় ৰাইজে যুৱকদ্বয়ৰ পকেটত তালাচি চলাই চাৰিটা খালী কন্টেনাৰৰ লগতে ১৫ টা কন্টেনাৰ ভৰ্তি ড্ৰাগছ জব্দ কৰে (Drugs Paddler Detained in Sorbhog) ৷ পাচত স্থানীয়লোকে সৰভোগ আৰক্ষীক খবৰ দি দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে মোজাফৰ আলী আৰু আব্দুৰ ৰহিমক গটাই দিয়ে ।
লগতে পঢ়ক: Karbi Lammet Amei: ডকমকাত অনুষ্ঠিত কাৰ্বি লাম্মেট আমেই বাৰ্ষিক অধিৱেশন