Two special trees in Khowang: দুজোপা বিশেষ বৃক্ষক লৈ গৌৰৱান্বিত খোৱাঙৰ এখন গাঁৱৰ ৰাইজ

By

Published : Mar 23, 2023, 2:20 PM IST

thumbnail

মৰাণ, 23 মাৰ্চ: ডিব্ৰুগড় জিলাৰ খোৱাঙ সোণোৱাল বঙালী গাঁৱৰ স্থায়ী দুৰ্গা মন্দিৰৰ কাষতে থকা এজোপা আম গছ আৰু এজোপা আঁ‌হত গছক লৈ আজিও গৌৰৱান্বিত স্থানীয় ৰাইজ । কাৰণ গছ দুজোপা ৰোপণ কৰিছিল দুজন স্বনামধন্য বৰেণ্য ব্যক্তিয়ে (Two special trees in Khowang)।  

অঞ্চলৰ বয়োজ্যেষ্ঠ লোক সকলৰ মাজত কথিত আছে যে, এজোপা গছ মহাত্মা গান্ধীয়ে আৰু আন এজোপা গছ ৰোপণ কৰিছিল জৱাহৰলাল নেহেৰুৱে ৷ স্বাধীনতা আন্দোলনৰ সময়ত অসমলৈ আগমণ ঘটাৰ সময়ত এই দুজন বৰেণ্য ব্যক্তিয়ে গছ দুজোপা ৰোপণ কৰিছিল বুলি প্ৰচলিত আছে অঞ্চলটোত ৷  

ইতিমধ্যে বহু বয়স গৰকা গছ দুজোপা সংৰক্ষণৰ বাবে ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷ গাঁওবাসীৰ আশা, গছ দুজোপা সংৰক্ষণৰ লগতে যদি ঠাইডোখৰ সুন্দৰকৈ সজাই তোলা হয়, তেন্তে পৰ্যটনৰ কেন্দ্ৰবিন্দু হোৱাৰো স্থল আছে (Two special trees in a village of Moran)।

লগতে পঢ়ক:Tribals Mass Rally: খানাপাৰাত লক্ষাধিক জনজাতি লোকৰ গণ সমাবেশৰ প্ৰস্তুতি 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.