গুৱাহাটী: হাতৰ মুঠিৰ পৰা বালি সৰকা দি সৰকি যাবলৈ ওলোৱা 2024 বছৰটোত বহুকেইখন অসমীয়া ছবিয়ে সুনাম আৰ্জিলে ৷ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হ'ল কেবাখনো অসমীয়া ছবি ৷ সুখৰ অনুভৱ কঢ়িয়াই অনা তেনে কেইখনমান উল্লেখযোগ্য অসমীয়া ছবিৰ বিষয়ে আকৌ এবাৰ জানো আহক ৷
'ফেঁহুজালি'লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান
২০২৪ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছিল 'ফেঁহুজালি'। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং প্ৰযোজিত আৰু ডি আই জি পাৰ্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্ৰ ‘ফেঁহুজালি’এ লাভ কৰিবলৈ সক্ষম হয় ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান । আলফাত যোগদান কৰা ক্ষোভিত আৰু বঞ্চিত যুৱকসকলৰ মনত উদ্ধৱ হোৱা স্বাধীন অসমৰ ধাৰণা আলফাৰ যে অলীক কল্পনা তাকেই দেখুওৱা হৈছে তথ্যচিত্ৰখনত ৷
চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত 'চেলেঞ্জ'লৈ জুৰীৰ বিশেষ সন্মান
চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ জুৰীৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হয় অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ'এ । কামৰূপা ক্ৰিয়েচনছৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই । পৰিচালনা আছিল ৰমেন বৰা আৰু শিৱাণু বৰাৰ । বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছিল তথ্যচিত্ৰখন ।
নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত 'বৰুৱাৰ সংসাৰ'
ঐতিহ্যমণ্ডিত এখন ঘৰ, আদৰ্শৱান এটা পৰিয়ালক লৈ নিৰ্মাণ কৰা এখন অসমীয়া তথ্যচিত্ৰ "বৰুৱাৰ সংসাৰ"। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন চলিত বৰ্ষৰ ৩০ মে'ৰ পৰা ২ জুনলৈ অনুষ্ঠিত হোৱা নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হয় । গুৱাহাটীৰ লতাশিল খেলপথাৰৰ সমীপত থকা ১৯২৩ চনত নিৰ্মিত এটা ১০০ বছৰ পুৰণি ঘৰ । অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী এই ঘৰটোৰ পৰাই অসমৰ সামাজিক-সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে "বৰুৱা ব্ৰাদাৰ্ছ"এ । সেইফালেৰে পাৰ হৈ যোৱা প্ৰায় প্ৰত্যেকৰে দৃষ্টি আকৰ্ষণ কৰা ঘৰটো হৈছে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱাৰ । এই ৯ গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, খেল তথা ৰাজনীতিৰ দিশৰ সৈতে জড়িত হৈ অসমৰ ৰাইজক যথেষ্টখিনি দিছে । এই আদৰ্শবান পৰিয়ালটো আৰু ঐতিহ্যমণ্ডিত ঘৰটোকে লৈ ৭১ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে ।
ৰুছ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'
২০২৩ বর্ষৰ বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰা অসমীয়া ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'এ চলিত বৰ্ষত অনুষ্ঠিত হোৱা ৰুছৰ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে জুৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । ওজাপালিৰ এজন পালিৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।
যিজনে নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সবাতোকৈ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ তাক চহৰলৈ লৈ গৈ থাকে । পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে । ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ দৃশ্যও উপস্থাপন কৰা হৈছে । ছবিখন ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।
মেক্সিকোত থকা চিনেটেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল । ২০২২ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰিছিল । মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিল ।
কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল 'কুকি'
এই বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ পটভূমিত নিৰ্মিত এখন হিন্দী ছবি "কুকি"। নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ড৹ জোনমণি দেৱী খাউণ্ডৰ ৷ পৰিচালনা কৰিছে প্ৰণৱ জে ডেকাই ।
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত অসমীয়া তথ্যচিত্ৰ 'চিবুক'
লুইতত দহদিনীয়া সাহসী যাত্ৰাক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ "চিবুক" প্ৰদৰ্শিত হ'ল দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি তথা বৃহৎ চলচ্চিত্ৰ মহোৎসৱ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত । তথ্যচিত্ৰখনৰ পৰিকল্পনা ৰিচান দলে, শ্বেখৰ বৰদলৈ, নীলিম মহন্ত আৰু আশুতোষ কাশ্যপৰ । এ এম টেলিভিছনৰ বেনাৰত নিৰ্মাণ কৰা এই তথ্যখন প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু ড৹ অক্ষতা নাৰায়ণে । উল্লেখযোগ্য যে "চিবুক" হৈছে বাঁহেৰে নিৰ্মিত এনে এখন ভুৰ যিখনত উঠি কিছু বছৰ পূৰ্বে অসমৰ চাৰিজন সাহসী যুৱকৰ এটা দলে দহদিনীয়া পৰিক্ৰমাৰে গোগামুখৰ পৰা তেজপুৰলৈ লুইতৰ বুকুত এটা যাত্ৰা কৰিছিল । বিভিন্ন সংগ্ৰামৰ মাজেৰে ১০ টা দিনৰ অন্তত উপনীত হৈছিল তেওঁলোক নিজৰ গন্তব্যস্থানত ।
'পিঞ্জৰা'ৰ সফলতা
চলিত বৰ্ষত অনুষ্ঠিত হোৱা হোৱা Roshani International Film Festival 2024" ত অসমীয়া ছবি "পিঞ্জৰা"ৰ বিশেষ সফলতা । ঔৰংগাবাদত অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত পাঁচটাকৈ শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ছবিখনে ।
জে আৰ এম প্ৰডাক্সনৰ ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনী ৰুণা লাইলাৰ । ছবিখন পৰিচালনা কৰিছে অসীম হাজৰিকাই আৰু চিত্ৰনাট্য দিগন্ত বৰাৰ ।
ছবিখনে লাভ কৰা ৫ টা শিতানৰ বঁটাৰ ভিতৰত শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা পাৰ্নিকা চৌধুৰীয়ে , শ্ৰেষ্ঠ নায়িকাৰ সন্মান কিনকিনী ভট্টাচাৰ্যই , শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা ৰুণা লাইলাই , শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা হৰ্ষিতা ভট্টাচাৰ্য্যই , শ্ৰেষ্ঠ ছবি পৰিচালকৰ বঁটা অসীম হাজৰিকাই লাভ কৰে ।
চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'জীৱনছবি'
চলিত বৰ্ষত মুম্বাইত অনুষ্ঠিত হোৱা চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২৪ ত প্ৰদৰ্শিত হল অসমীয়া ছবি "জীৱনছবি"। লগতে শেহতীয়াকৈ অনুষ্ঠিত হোৱা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শন কৰা হৈছিল । "জীৱনছবি"ৰ কাহিনী, সংলাপ তথা পৰিচালনাৰ মৃদুপৱন বৰাৰ ।
ছবিখনৰ সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে কয়,"খুব এটা ভাল অনুভৱ । 'জীৱনছবি'খন পূৰ্ণদৈৰ্ঘৰ ছবি হিচাপে আমাৰ প্ৰথম ছবি আছিল । 'চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ' ত এইবাৰ আমি শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলো । লগতে ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱলৈও ছবিখন নিৰ্বাচিত হোৱাটো আমাৰ বাবে এটা খুবেই ভাল খবৰ ।"
চুটি ছবি "আওকান"লৈ বিশেষ সন্মান
কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল চুটি ছবি "আওকান"এ । এই চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনা জিতু পৰ্ণ দাসৰ । চুটি ছবিখনৰ এই সফলতা সন্দৰ্ভত ছবিখনৰ পৰিচালক জিতু পৰ্ণ দাসে ই টিভি ভাৰতৰ সৈতে ফোনযোগে হোৱা এক বাৰ্তালাপত জনায়,"আমাৰ চুটি ছবি আওকানে পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত শ্ৰেষ্ঠ চুটি ছবি হিচাপে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হোৱাটো আমাৰ বাবে গৌৰৱ বিষয় । ছবিখনৰ এই সফলতাত অত্যন্ত সুখী অনুভৱ কৰিছো । আওকান- শব্দটো আমি সচৰাচৰ ব্যৱহাৰ নকৰিলেও আমি শব্দটোৰ সৈতে একাত্ম । আমি উপেক্ষা কৰা বস্তুবোৰৰ গুৰুত্ববোৰ বুজাবলৈ এই "আওকান" চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছে ।"
ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি
৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি । ভাৰতীয় পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ড৹ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি"। আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰা আন ৫ খন ভাৰতীয় ভাষাৰ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ"।
জুইফুল
ভাৰতীয় পেন’ৰামাৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছিল যদুমনি দত্তৰ জুইফুল । ছবিখনে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ICFT UNESCO Gandhi Medal ৰ বাবে আন ৯খন আন্তঃৰাষ্ট্ৰীয় ছবিৰ সৈতে মনোনয়ন লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় শাখাত নিৰ্বাচিত হোৱা এইখনেই প্ৰথম অসমীয়া ছবি । ছবিখনৰ সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত পৰিচালকগৰাকীয়ে অনুভৱ ব্যক্ত কৰি কয়,"যিকোনো নিজৰ সৃষ্টি নিজৰ সন্তানৰ দৰে হয় । জুইফুলো যথেষ্ট কষ্ট কৰি নিৰ্মাণ কৰা ছবি । ছবিখনৰ এই সফলতাত আমাৰ টীমটোৰ সকলোৱে সুখী । ৰাইজৰ আশীৰ্বাদত জুইফুল আৰু আগুৱাই যাওক এয়াই আমাৰ কামনা ।"
ৰ'দৰ পাখি
শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ৰ'দৰ পাখি । শৰ্মিষ্ঠা প্ৰীতমৰ জীৱন সংগ্ৰামক প্ৰতিফলিত কৰি যাতনাৰ সাৰ্বজনীন চৰিত্ৰ উন্মোচন কৰাৰ লগতে মনুষ্যত্বৰ সাধনাশীল উপাসনা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে ছবিখনে । ছবিখনৰ এই সফলতাত উৎফুল্লিত পৰিচালক-প্ৰযোজক ড৹ ববী শৰ্মা বৰুৱা । ছবিখনৰ সফলতা সন্দৰ্ভত ই টিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত পৰিচালকগৰাকীয়ে কয়,"ছবিখনৰ এই সফলতাত আমি আনন্দিত । ২০২৫ত আমি ছবিখন ছবিগৃহত মুক্তি দিম ।"
বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ ২' লৈ শ্ৰেষ্ঠ চিনেমাৰ সন্মান
চলিত বৰ্ষত দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'শ্ৰেষ্ঠ ছবি'ৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ ২' এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে 'কিম জিচিঅ'ক বঁটা'। উল্লেখ্য যে, জিচিঅ’ক প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা আঠখন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ফিচাৰ হিচাপে চিহ্নিত হৈছিল 'ভিলেজ ৰকষ্টাৰ্ছ ২' । ছবিখনৰ এই সফলতাত উৎসাহিত ছবিখনৰ পৰিচালক ৰীমা দাস ।
চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ 'তাৰিখ'
২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪-ৰ নিৰ্বাচিত হৈছিল অসমীয়া ছবি "তাৰিখ"। ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতীয় পেনাৰোমা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা এইখনেই আছিল উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি । অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত 'তাৰিখ'ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ । ছবিখনৰ এই সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ছবিখনৰ পৰিচালক হিমজ্যোতি তালুকদাৰে কয়,"আমাৰ বাবে এইটো এক ডাঙৰ সফলতা । বহুত ভাল লাগিছে । আমাৰ উত্তৰ পূব ভাৰতৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে তাৰিখখন নিৰ্বাচিত হৈছে এয়া আমাৰ বাবে খুবেই এটা গৌৰৱৰ বিষয় বুলি ভাৱো ।"
"কাকা"লৈ সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ বঁটা
সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰ্মনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ছবি "কাকা"ই । "সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৪"ত এই "কাকা" ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা আৰু জুৰীৰ দ্বাৰা নিৰ্বাচিত বিশেষ ছবি হিচাবেও বঁটা লাভ কৰিছে । এজন আদবয়সীয়া ব্যক্তিৰ জীৱনত নিজৰ কোনো নোহোৱা স্বত্বেও ব্যক্তিজনে যেতিয়া নিজা প্ৰয়াস আৰু প্ৰচেষ্টাৰে মূৰ তুলি জীৱন নিৰ্বাহ কৰে তেতিয়া সেইজন ব্যক্তিলৈ সমাজত সন্মান বাঢ়ে, আনকি ভগৱানেও তেখেতৰ লগ দিয়ে । এনে এক কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন ।
লগতে পঢ়ক: বছৰটোৰ শেষত দুখনকৈ অসমীয়া ছবিৰ শ্বুটিং আৰম্ভ