গুৱাহাটী : ২০২৪ বৰ্ষটো শেষ হ'বলৈ মাজত মাথোঁ কেইটামান দিন । অসমৰ সাহিত্য জগতৰ বাবে ২০২৪ বৰ্ষটো আছিল এক বিশেষ বছৰ । কিয়নো ২০২৪ বৰ্ষতে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ লগতে কেইবাগৰাকীও অসম সন্তানে লাভ কৰে সাহিত্য অকাডেমিৰ দৰে সন্মানজনক বঁটা ।
ধ্রুপদী ভাষাৰ মর্যাদা
২০২৪ বৰ্ষটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক বছৰ । শ শ বছৰৰ ঐতিহ্যৰে সমৃদ্ধ স্বকীয় অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত বছৰটোৰ মাজভাগত কেন্দ্রীয় কেবিনেটে অনুমোদন জনায় । ইয়াৰ পূৰ্বে ভাৰতৰ মুঠ ছটা ভাষাকহে ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল । সেইকেইটা হৈছে সংস্কৃত, তামিল, মালায়ালম, কানাড়া, তেলুগু আৰু ওড়িয়া ।
ধ্রুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ'লে কোনো এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰ পুৰণি, মৌলিকতাৰে সমৃদ্ধ তথা প্রাচীন সাহিত্যত লিপিবদ্ধ থকাৰ প্রমাণ থাকিব লাগে । এই ক্ষেত্ৰত অসমীয়া ভাষাই প্রয়োজনীয় চর্ত পূৰ্ণ কৰা বাবে ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনায় কেন্দ্রীয় কেবিনেটে ।
উল্লেখ্য যে কোনো এটা ভাষাৰ জন্মকথা, উৎপত্তি, ভাষাৰ বিকাশ আৰু বিৱর্তন, শিলালিপি, তাম্রলিপি, হস্তলিপি, স্থাপত্য আদি বিভিন্ন ঐতিহাসিক তথ্য প্ৰমাণিত হ'লেহে এটা ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰে ।
সাহিত্য অকাডেমিৰ শিশু-সাহিত্য আৰু যুৱ পুৰস্কাৰ বঁটা পাঁচগৰাকী অসম সন্তানলৈ
পাঁচগৰাকী অসম সন্তানে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমিৰ শিশু-সাহিত্য আৰু যুৱ পুৰস্কাৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে । সাহিত্য অকাডেমিৰ শিশু-সাহিত্য পুৰস্কাৰ অসমীয়া ভাষাৰ বাবে লাভ কৰে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই । ৰঞ্জু হাজৰিকাই তেওঁৰ ২০১১ চনত প্রকাশিত শিশু-কিশোৰৰ উপযোগী উপন্যাস 'বিপন্ন বিস্ময় খেল'ৰ বাবে এই সন্মান লাভ কৰে ।
বড়ো ভাষাৰ বাবে এই সন্মান লাভ কৰে ভার্জিন জেকোভা মুছাহাৰীয়ে । তেওঁৰ কাব্যগ্রন্থ 'বুহুমা বয়নিব' (পৃথিৱীখন সকলোৰে বাবে) গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে ।
আনহাতে, চলিত বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে অসমীয়া ভাষাৰ বাবে ডাঃ নয়নজ্যোতি শৰ্মাই । তেওঁৰ গল্পপুথি 'জাল কটা জুই'ৰ বাবে এই বঁটা লাভ কৰে ।
বড়ো ভাষাৰ বাবে যুৱ পুৰস্কাৰ লাভ কৰে গল্পপুথি 'সাইখ্লুম' (ছায়া)ৰ বাবে ছেলফ মেইড ৰাণী বড়োৱে । বাংলা ভাষাৰ বাবে যুৱ পুৰস্কাৰ লাভ কৰে শিলচৰৰ সুতপা চক্রৱৰ্তীয়ে । তেওঁৰ কাব্যগ্রন্থ 'দেবাজে হলুদ ফুল, গতজন্ম'ৰ বাবে এই বঁটা লাভ কৰে ।
১৯৫০ চনত শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা বিশিষ্ট শিশু-সাহিত্যিক ৰঞ্জু হাজৰিকা ৰহস্য ঔপন্যাসিক হিচাপেও পাঠক সমাজৰ মাজত সমানেই জনপ্রিয় । এই পর্যন্ত ৭৫০ খনৰো অধিক গ্রন্থৰ স্ৰষ্টা ৰঞ্জু হাজৰিকাই ২০৪ খন বিভিন্ন বিষয়ৰ শিশুগ্রন্থও প্ৰণয়ন কৰিছে । ১৯৮৫ চনত জেচন, পৱন, ৰোহণ, জিতু-নিতু আদি শিশু-সাহিত্যৰ ছিৰিজ ৰঞ্জু হাজৰিকাই লিখি উলিয়াইছিল । ৰঞ্জু হাজৰিকাৰ শিশু-সাহিত্যই সাধু, গল্প, উপন্যাস, দুঃসাহসিক অভিযান সকলোকে সামৰি লৈছে ।
বড়ো ভাষাৰ বাবে শিশু-সাহিত্য পুৰস্কাৰ লাভ কৰা ভার্জিন জেকোভা মুছাহাৰীৰ ঘৰ কোকৰাঝাৰ চহৰত । ১৯৬৬ চনত কোকৰাঝাৰ জিলাত জন্মগ্রহণ কৰা মুছাহাৰীৰ এতিয়ালৈকে এখন কাব্যগ্রন্থ প্রকাশ হৈ ওলাইছে । ১৯৯২ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্রকাশ পাইছিল ।
চলিত বৰ্ষৰ অসমীয়া ভাষাৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰা গল্পকাৰ ডাঃ নয়নজ্যোতি শর্মাই চলচ্চিত্র বিষয়ক আলোচনা আৰু অনুবাদৰ কামো কৰে । অসমীয়া গল্প জগতখনলৈ নতুনত্ব আৰু বৈচিত্র্য কঢ়িয়াই অনা তৰুণ গদ্য লেখক ডাঃ শৰ্মাৰ 'জাল কটা জুই' প্ৰথমটো গল্প সংকলন ।
বড়ো ভাষাৰ বাবে সাহিত্য অকাডেমিৰ যুৱ পুৰষ্কাৰ লাভ কৰা ছেলফ মেইড ৰাণী বড়োৱে পুৰস্কাৰ লাভ কৰা গল্প পুথিখনত ১৪টা বিভিন্ন বিষয়ৰ গল্প আছে । ইপিনে ১৯৯১ চনৰ ১১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শিলচৰৰ মেহেপুৰৰ শিৱালিক পাৰ্কৰ বাসিন্দা সুতপা চক্রৱর্তীয়েও চলিত বৰ্ষত বাংলা ভাষাৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটা তেওঁৰ কাব্যগ্রন্থ 'সেবাজে হলুদ ফুল, গতজন্ম'ৰ বাবে লাভ কৰে ।
ৰাজ্যখনৰ তিনিগৰাকী বিশিষ্ট সাহিত্যিকলৈ ২০২৪ চনৰ সাহিত্য অকাডেমি বঁটা
চলিত বছৰটোৱে শেষৰ ফালে অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ আন এক সুখবৰ কঢ়িয়াই আনে । ৰাজ্যখনৰ তিনিগৰাকী বিশিষ্ট সাহিত্যিকলৈ ২০২৪ চনৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ।
প্রথিতযশা কবি, চিত্ৰকৰ, কথাশিল্পী সমীৰ তাঁতী, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য, বিশিষ্ট সংস্কৃত পণ্ডিত-সাহিত্যিক ডঃ দীপক কুমাৰ শৰ্মা আৰু গল্পকাৰ, ঔপন্যাসিক অৰণ ৰাজা বসুমতাৰীলৈ ক্ৰমে অসমীয়া, সংস্কৃত আৰু বড়ো ভাষা শিতানত এইবাৰৰ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে ।
কবি সমীৰ তাঁতীলৈ 'ফৰিংবোৰে বাটৰ কথা জানে' শীর্ষক কাব্যগ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে । আনহাতে, অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই ‘ভাস্কৰচৰিতম্' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে আৰু ঔপন্যাসিক অৰণ ৰাজা বসুমতাৰীলৈ 'সৌৰনি থাখাই' শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ।
সাহিত্য অকাডেমি বঁটা কঢ়িয়াই অনা কবি সমীৰ তাঁতীৰ কাব্যগ্রন্থ 'ফৰিংবোৰে বাটৰ কথা জানে' প্ৰকাশ পাইছিল ২০২১ চনত । এইখন কাব্যগ্ৰন্থ হৈছে কবিগৰাকীৰ চতুৰ্দশ কাব্য সংকলন । যুদ্ধভূমিৰ কবিতাৰ কবিৰূপে কাব্যপ্ৰেমীৰ মাজত পৰিচিত সমীৰ তাঁতীৰ এই কাব্য সংকলনখনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক দীঘলীয়া সময়ৰ পৰিৱেশ, পৰিস্থিতি, ৰাজনৈতিক উত্থান-পতন, শোষিত-নিষ্পেষিতজনৰ হা-হতাশাৰ ছবি অংকিত হৈছে ।
আনহাতে, সংস্কৃত ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা বিশিষ্ট সংস্কৃত পণ্ডিত ড৹ দীপক কুমাৰ শৰ্মাই ২০১৮ চনত অনুবাদ সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন অধ্যাপক, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মাৰ অসমীয়া কবিতাৰ সংস্কৃত অনুবাদ সংকলন 'অসমা বাঙমঞ্জৰী' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল ।
ড৹ দীপক কুমাৰ শৰ্মালৈ 2024 চনৰ সাহিত্য অকাডেমি বঁটা কঢ়িয়াই অনা 'ভাস্কৰচৰিতম্' গ্ৰন্থখন ২০২১ চনত প্ৰকাশ পাইছিল । এই গ্রন্থখনত ড৹ দীপক কুমাৰ শৰ্মাই কুমাৰ ভাস্কৰ বৰ্মাৰ জীৱন বৃত্তান্ত আৰু কীৰ্তিক সংস্কৃত শ্লোকৰ জৰিয়তে কবিতাৰ ৰূপত দাঙি ধৰিছে ।
বড়ো ভাষাৰ শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰা চিৰাং জিলাৰ বিজনীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰবন্ধক অৰণ ৰাজা বসুমতাৰী একাধাৰে গল্পকাৰ, ঔপন্যাসিক হিচাপে পৰিচিত । অৰণ ৰাজা বসুমতাৰী নামেৰে সাহিত্য চৰ্চা কৰা এইগৰাকী সাহিত্যিকৰ পোছাকী নাম আচলতে অৰুণ বসুমতাৰী । সাহিত্য অকাডেমি বঁটাৰ বাবে বাছনিভুক্ত 'সৌৰনি থাখাই' (কাৰ বাবে) অৰণ ৰাজা বসুমতাৰীৰ ত্ৰয়োদশখন উপন্যাস । উপন্যাসখন ২০১৮ চনত প্ৰকাশ হৈছিল ।
২০২৪ চনত তেওঁৰ চতুর্দশখন উপন্যাস প্রকাশ পাইছে । ১৯৯০ চনৰ পৰা একেৰাহে সাহিত্য চৰ্চা কৰি অহা বসুমতাৰীৰ চাৰিখন চুটিগল্প সংকলনো ইতিমধ্যে প্রকাশ হৈছে ।
মুনীন বৰকটকী সাহিত্য বঁটা
মুনীন বৰকটকী ন্যাসে আগবঢ়োৱা ২০২৪ চনৰ মুনীন বৰকটকী সাহিত্য বঁটা নলবাৰীৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হয় ৷ 'পৰুৱা পোহনীয়া' নামৰ গল্প সংকলনখনৰ বাবে তেওঁ লাভ কৰে 2024 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা । পাপৰি বৰ্মনে 'পৰুৱা পোহনীয়া' গল্প সংকলনখনিত মুঠ 11 টা গল্প সন্নিৱিষ্ট কৰিছে । চামতাৰ জীয়াৰী পাপৰি বৰ্মন নলবাৰী এন আৰ এইচ এমত জিলা তথ্য প্ৰবন্ধক হিচাপে কৰ্মৰত । পাপৰি বৰ্মনে ২০১৭ চনৰ পৰাই লিখা-মেলা আৰম্ভ কৰে ।