বান্দৰকেঁ‌কোৱা লৈ ৰাজপথত চিলনী চোৰ

By

Published : Sep 6, 2022, 9:40 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
ৰাজ্যত দিন দুপৰতে চিলনী চোৰৰ সন্ত্ৰাস ৷ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত ট্ৰেফিক পইণ্টৰ সমীপত মঙলবাৰে দুটা চিলনী চোৰক ৰাইজে হাতে-লোটে ধৰি আৰক্ষীক চমজাই দিয়ে ৷ খবৰ অনুসৰি বেংকৰ পৰা টকা উলিয়াই অনা এজন ব্যক্তিক চাৰিজনীয়া চোৰৰ দলটোৱে লক্ষ্য কৰি টকাৰ বেগটো থপিয়াই নিয়াৰ চেষ্টা কৰোতেই ৰাইজে দুটা চোৰক হাতে-লোটে ধৰিবলৈ সক্ষম হয় (Two Snatchers arrested)৷ চোৰ দুটাক ৰাইজে কৰায়ত্ত কৰি লপা-থপা দিয়ে ৷ ৰাইজৰ প্ৰশ্নত চোৰ দুটা ঢেকীয়াজুলিৰ বুলি জানিবলৈ দিয়ে ৷ ৰাইজে আটকাধীন চোৰ দুটাৰ পৰা বান্দৰকেঁ‌কোৱা আৰু চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে ৷ চোৰ দুটাক মৰাণহাট আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে (Two Snatchers arrested by Moran police)৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.