Noble Deed:দেৱালীত ব্যৱহৃত কলগছ হৈ পৰিল হাতীৰ খাদ্য - Man Elephant clash
🎬 Watch Now: Feature Video
Published : Nov 15, 2023, 2:29 PM IST
যোৰহাট, 15 নৱেম্বৰ : দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক কলপুলি সংগ্ৰহ । দেৱালী উদযাপনৰ নামত কাটি পেলোৱা কলগছ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ বাবে খাদ্য হিচাপে যোগান ধৰিলে ছাত্ৰ সংগঠনে । প্ৰকৃতি আৰু সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাজিৰঙাত দীপাৱলী উদযাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিৰ বিষয়ববীয়াসকলে ।
দীপাৱলী উপলক্ষ্যে ৰাজ্যবাসীয়ে চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা অধিকাংশ কলগছ নি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ চাফাৰীত ব্যৱহাৰ কৰা হাতীক প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিৰ সদস্যই । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তিয়ে যৌথভাৱে তিনিবছৰ পৰা এই কাম কৰি আহিছে । সংগঠন দুটাৰ এনে প্ৰশংসনীয় পদক্ষেপক সকলোৱে শলাগ লৈছে ।
উল্লেখ্য যে, দীপাৱলীত পৰম্পৰা অনুসৰি চাকি জ্বলাবলৈ কটা হয় লাখ লাখ কলগছ ৷ দুদিন পিচত পেলনীয়া হৈ পৰে এই কলগছসমূহ ৷ আমি সকলোৱে জানো যে কলগছ হাতীৰ প্ৰিয় খাদ্য ৷ সেই মহৎ চিন্তাৰেই এই দুই সংগঠনে নিজা খৰচত এই কলগছসমূহ হাতীৰ বাবে যোগান ধৰি প্ৰকৃতিপ্ৰেমৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে ।
লগতে পঢ়ক : Man-Elephant clash: হাতীৰ ভোক গুচাবলৈ ৰাইজে যোগান ধৰিছে কলগছ