Drugs seized: মহানগৰীত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী - Assam Police against Drugs

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 11:04 PM IST

গুৱাহাটী,১৫ জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । এইবাৰ গড়চুক আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী । মহানগৰীৰ সাওকুচিত গড়চুক আৰক্ষীৰ অভিযানত আটক কৰা হয় দুই সৰবৰাহকাৰীক । সাউকুছিৰ বুধবৰীয়া বজাৰত গড়চুক আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ।  

সৰবৰাহকাৰী দুজনৰ পৰা জব্দ চাৰিটাকৈ হেৰইন ভৰ্তি চাবোন বাকচ জব্দ কৰে আৰক্ষীয়ে । গুৱাহাটী মহানগৰীত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল দুই অপৰাধীয়ে । জানিব পৰা মতে আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰী হাজিবুৰ আৰু জাহিদ আখতাৰ ।  

জালুকবাৰীৰ আখতাৰ আৰু বকোৰ হাজিবুৰে অইন দিনাৰ দৰে আজিও মহানগৰীত বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ড্ৰাগছখিনি । অৱশেষত আজি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ড্ৰাগছ খিনি । সম্প্ৰতি দুই সৰবৰাহকাৰীক লৈ তদন্ত অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে । 

লগতে পঢ়ক: Health conclave: গুৱাহাটীত বিশ্ব বেংকৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য সন্মিলন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.