thumbnail

Drug addicts arrested: নাৰায়ণপুৰত ড্ৰাগছসহ আটক দুই ড্ৰাগছ আসক্ত যুৱক

By

Published : Mar 3, 2023, 4:27 PM IST

বিহপুৰীয়া,৩ মাৰ্চ: ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ যুৱ প্ৰজন্ম । ৰাজ্যৰ চুকে-কোণে ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ আসক্ত ব্যক্তিয়ে চানি ধৰিছে সমাজখন । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মেই ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান(Anti drug Operation in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে কোটি কোটি টকাৰ ড্ৰাগছ । আটক কৰিছে ইজনৰ পাছত সিজনকৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জৰিত লোকক(Drugs Paddler arrested in Assam) ।

ইয়াৰ মাজতে শুকুৰবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে দুটাকৈ ড্ৰাগছ আসক্ত যুৱকক(Two drug addicts arrested with drugs in Narayanpur) । আটকাধীন যুৱক দুটা জনি বসুমতাৰী আৰু বিজয় বাগ বুলি জানিব পৰা গৈছে(Drug addicts arrested) । জানিব পৰা মতে যুৱক দুজনৰ ঘৰ গহপুৰ পুৰুববাৰীত । 

ড্ৰাগছ কিনিবলৈ নাৰায়ণপুৰলৈ অহাৰ সময়তে ড্ৰাগছসহ আটক হয় যুৱকদ্বয় । যুৱকদ্বয়ৰ আচৰণত সন্দেহ কৰি স্থানীয় ৰাইজে সোধা-পোচা কৰি ততাতৈয়াকৈ খবৰ দিয়ে নাৰায়ণপুৰ আৰক্ষীক । ইয়াৰ পিছতে ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ যুৱক দুজনৰ পৰা ৫ টা ড্ৰাগছৰ কন্টেনাৰ, নগদ ধন, মোবাইল ফোন, ঘড়ী আদি জব্দ কৰে । বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে দুই যুৱকক । 

লগতে পঢ়ক: Assam forest minister on eviction: বনাঞ্চলত বেদখল নচলিব; বন মন্ত্ৰীৰ হুংকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.