মৰিগাঁৱত Solid Waste Management and Vermicomposting বিষয়ত দুদিনীয়া কৰ্মশালা

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:48 PM IST

thumbnail

মৰিগাঁও, 11 ডিচেম্বৰ : সোমবাৰে ডি.এন.এ.অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত, ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত Environment Education Program(EEP) ৰ অধীনত মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ Eco-club সমূহৰ 70 জন শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত Solid Waste Management and Vermicomposting বিষয় শীৰ্ষক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ।
এই কৰ্মশালা উদ্বোধন কৰে ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ ৰিজুস্মৃতা শৰ্মা ডেকাই । প্ৰথম দিনা কৰ্মশালাত উপস্থিত থাকে বিশ্বনাথ চাৰিআলিৰ বি এন কৃষি বিজ্ঞান মহাবিদ্যালয়ৰ (অসম কৃষি বিশ্ববিদ্যালয়) মুখ্য বিজ্ঞানী ড৹ পল্লৱ কুমাৰ শৰ্মা, ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সৌৰভ বৰুৱা, ৰহা বৰজাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ধ্ৰুৱজ্যোতি ভূঞা, মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰকজ্যোতি নাথ। 

কৰ্মশালাৰ আৰম্ভনি অনুষ্ঠানৰ সঞ্চালন কৰে অসম বিজ্ঞান সমিতিৰ মৰিগাঁও শাখাৰ সাধাৰণ সম্পাদক নিৰোদ কুমাৰ বৰাই আৰু এই কৰ্মশালাৰ তত্বাৱধান কৰে ডি.এন.এ.ৰ সমন্বয়ক জিলা সমন্বয়ক ইমদাদ আলীয়ে ।

লগতে পঢ়ক: বেতজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.