Two child killed by mother: দুই কণমানিক হত্যা কৰিলে নিজ মাতৃয়ে - Two child killed by mother
🎬 Watch Now: Feature Video


Published : Sep 1, 2023, 4:06 PM IST
কৰিমগঞ্জ, 1 ছেপ্টেম্বৰ: কাছাৰৰ কচুৰদাৰম অঞ্চলত শুকুৰবাৰে পুৱাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ জন্মদাত্ৰী মাতৃৰ হাততেই প্ৰাণ হেৰুৱালে দুই সন্তানে ৷ পুখুৰীৰৰ পানীত ডুবাই হত্যাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে ৷
জানিব পৰামতে শুকুৰবাৰে পুৱা 7 বজাতেই বেবুল হক লস্কৰৰ দ্বিতীয় পত্নী আজমিৰা বেগম লস্কৰে পুখুৰীৰ পানীত ডুবাই দুই কণমানি কন্যাক হত্যা কৰিছিল বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ মৃত শিশু দুগৰাকীৰ ভিতৰত এগৰাকীৰ বয়স ৩ বছৰ আৰু আনগৰাকীৰ ১ বছৰীয়া।
এই খবৰ পোহৰলৈ অহাৰ পিচতে কচুদাৰম আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ কেঁচুৱা দুটাৰ মৃতদেহ উদ্ধাৰ কৰে। একে সময়তে আৰক্ষীয়ে হত্যাকাৰীৰ মাতৃক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাৰ পপিচতে অঞ্চলজপৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কিয় নিজ মাতৃয়ে এই জঘন্য কাণ্ড সংঘটিত কৰিলে সেই সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক: Fake CBI officer Robbery: চিবিআইৰ ভুৱা পৰিচয়েৰে ফ্লেটত লুটপাত, এগৰাকী মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড