লাচিত ঘাটত গাঁতত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 10:33 PM IST

thumbnail

গুৱাহাটী, 11 জানুৱাৰী: গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷ এইবাৰ উদ্ধাৰ হৈছে দুটাকৈ শিশুৰ মৃতদেহ ৷ ফাঁচীবজাৰৰ লাচিত ঘাটত উদ্ধাৰ হৈছে দুই শিশুৰ মৃতদেহ ৷ বস্তাত বান্ধি গাঁতত পেলাই থোৱা হৈছিল মৃতদেহ দুটা ৷ ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহ দুটাৰ এটা ল’ৰা আৰু আনটো মৃতদেহ ছোৱালীৰ ৷ শিশুদুটি আনুমানিক পাঁচ মাহ পূৰ্বে জন্ম হোৱা বুলি ধাৰণা কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ পুৱাৰ ভাগত কোনো পাষাণ হৃদয়ৰ লোকে শিশু দুটিক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ ।  

উল্লেখ্যে যে উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে খ্যাত গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাই আহিছে অপৰাধমূলক ঘটনা ৷ তথ্য অনুসৰি পূৰ্বৰ তুলনাত 2023 বৰ্ষত গুৱাহাটী মহানগৰীত অপৰাধৰ সংখ্যা আংশিক হ্ৰাস পোৱা বুলি কোৱা হৈছে যদিও, ইটোৰ পিচত সিটো ঘটনা পোহৰলৈ আহিয়েই আছে ৷

লগতে পঢ়ক: ২০২৩ বৰ্ষত মহানগৰীত হ্রাস পাইছে অপৰাধৰ সংখ্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.