thumbnail

Chain snatching in Guwahati: গুৱাহাটীত পিষ্টলধাৰী দুৰ্বৃত্তই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন; একেদিনাই দুটাকৈ ঘটনা

By

Published : Aug 12, 2023, 10:45 PM IST

গুৱাহাটী, ১২ আগষ্ট: আৰক্ষীৰ নিৰীক্ষণত থকা অভিজাত গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাব ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা । আন ঠাইৰ কথা বাদেই, মন্ত্ৰী-বিধায়কে গিজগিজাই থকা ৰাজধানী দিছপুৰতেই নাই নাগৰিকৰ নিৰাপত্তা । বিশেষকৈ নিজৰ পদূলিমুখতেই নিৰাপদ নহয় মহিলা । বিভিন্ন অপৰাধৰে চানি ধৰা গুৱাহাটীত শেহতীয়াকৈ বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ ৷  

শনিবাৰে দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰীৰ প্ৰতীক্ষা হাস্পতাল আৰু ইয়াৰ সমীপত সংঘটিত দুটাকৈ চেইন চুৰিৰ ঘটনা । প্ৰতীক্ষা হাস্পতালৰ সমীপত আজি সন্ধিয়া প্ৰায় ৬ বজাত মটৰ চাইকেলত অহা দুৰ্বৃত্তই ডিঙিত পিষ্টল থৈ সন্ধ্যা ভ্ৰমণৰ বাবে অহা এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন । খনিকৰ ষ্টোৰ নামৰ গেলা মালৰ দোকানখনৰ সন্মুখত সংঘটিত হয় এই ঘটনা ।  

সেই সময়ত ভুক্তভোগী মহিলাগৰাকীৰ পুত্ৰ পাৰ্থ খনিকৰে দোকানৰ ভিতৰত ব্যস্ত হৈ আছিল । তেনে সময়তে নাৰেংগীৰ পৰা ছয়মাইল দিশৰে আহি থকা এখন মটৰ চাইকেল ৰখাই অচিনাক্ত দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ যায় ।

স্বাভাৱিকতে এই ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ইফালে একেদিনাই ইয়াৰ সমীপত সংঘটিত হয় আন এক চেইন চুৰিৰ ঘটনা । মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই এইবাৰ আন এগৰাকী মহিলাৰ পৰা কাঢ়ি লৈ যায় সোণৰ চেইন । এই লৈ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে অস্তিত্ব ক'ত মহানগৰ আৰক্ষীৰ ।

লগতে পঢ়ক: Death doby recovered : খানাপাৰত গছত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.