Cattle smuggling:ৰহাৰ ডিমৌত জব্দ অবৈধভাৱে গৰু সৰবৰাহ কৰা বাহন - অবৈধভাৱে গো সৰবৰাহ
🎬 Watch Now: Feature Video


Published : Oct 12, 2023, 1:05 PM IST
ৰহা, 12 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে অবৈধভাৱে গো-সৰবৰাহ । আৰক্ষী কঠোৰ হ’লেও নিতৌ ন ন কৌশলৰে ৰাজ্যত অসাধু চক্ৰই অব্যাহত ৰাখিছে গৰুৰ চোৰাং সৰবৰাহ । শেহতীয়াকৈ পুৱতি নিশা বেবেজীয়া পহৰা আৰক্ষী চকীৰ আৰক্ষীয়ে ডিমৌত জব্দ কৰে এখন গৰু ভৰ্তি বাহন ।
নগাঁও দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত AS 01 NC 2353 নম্বৰৰ ট্ৰাকখনক বেবেজীয়া পহৰা আৰক্ষী চকীৰ টহলদাৰী আৰক্ষীয়ে বেবেজীয়াত সন্দেহবশত: ৰখিবলৈ দিয়ে যদিও চালকে ট্ৰাকখন নৰখোৱাত আৰক্ষীয়ে পিছে পিছে খেদি যায় । ডিমৌত ট্ৰাকখন পথতে এৰি ট্ৰাকখনৰ চালক, হেণ্ডিমেনে পলায়ন কৰে । বেবেজীয়া আৰক্ষীয়ে ট্ৰাকখনৰ পৰা জব্দ কৰিছে ২৫ টাকৈ বলধ গৰু। ঘটনা সন্দৰ্ভত বেবেজীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Smuggled cattle seized at Behali: বিহালীত কেইবাটাও গৰু সহ দুখন ট্ৰাক জব্দ