Cattle Smuggling case: জামুগুৰিহাটত চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ - ৪০ টাকৈ গৰু উদ্ধাৰ
🎬 Watch Now: Feature Video
চতিয়া,১ এপ্ৰিল: ৰাজ্যত চোৰাং গৰু সৰবৰাহ ৰোধ কৰাৰ বাবে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে (Cattle Smuggling case) ৷ ইয়াৰ মাজতে শুকুৰবাৰে নিশা জামুগুৰিহাটত আৰক্ষীয়ে চোৰাংভাৱে সৰবৰাহ কৰা এখন ১২ চকীয়া গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Truck loaded with smuggled cattle)। এক গোপন সূত্ৰৰ পম খেদি জামুগুৰি আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকাৰ সময়তে লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা AS01GC-1232 নম্বৰৰ গৰু ভৰ্তি ট্ৰাকখন জব্দ কৰে (smuggled cattle seized at Jamugurihat)।
চোৰাংভাৱে গৰু কঢ়িয়াই অনা ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিলেও ট্ৰাকখনৰ চালকসহ হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ট্ৰাকখনৰ ভিতৰত ভৰি বান্ধি ভৰাই অনা প্ৰায় ৪০ টাকৈ গৰু উদ্ধাৰ কৰি নিশাই গৰুকেইটাক গোশালালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে অসম আৰক্ষীয়ে চোৰাংভাৱে গৰু সৰবৰাহ ৰোধ কৰাৰ বাবে ৰাজ্যজুৰি অভিযান চলাই আছে যদিও চোৰাং গৰু সৰবৰাহকাৰীয়ে এতিয়াও নিত্য নতুন কৌশল অৱলম্বন কৰি গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Illegal liquor seized: ডিলাই বৰপথাৰত আৰক্ষীৰ অভিযানত জব্দ অবৈধভাৱে সৰবৰাহ কৰা সুৰা