Fertilizer seized: নলবাৰীত সাৰভৰ্তি ট্ৰাক জব্দ - CM on fertilizer Jihad

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 12, 2023, 8:13 PM IST

নলবাৰী,১২ জুন: নলবাৰীৰ মুকালমুৱাত জব্দ কৰা হয় এখন অবৈধ সাৰ ভৰ্তি ট্ৰাক । বৰপেটাৰ পৰা গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাত হাজো-দৌলাশাল পথত মুকালমুৱা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে অবৈধ সাৰ ভৰ্তি ট্ৰাকখন । আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ২৭০ পেকেট অবৈধ সাৰ জব্দ কৰিছে ।  

জব্দকৃত সাৰৰ ট্ৰাকখনৰ নম্বৰ AS15AC-6903 । আৰক্ষীয়ে ট্ৰাকখনৰ চালকজনকো আটক কৰা বুলি জানিব পৰা গৈছে । ধৃত ট্ৰাক চালকজনৰ নাম আচাদুল ইছলাম । ট্ৰাকখনৰ জড়িয়তে বৃহৎ পৰিমাণৰ অবৈধ সাৰখিনি বৰপেটাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে । ইফালে বৃহৎ পৰিমাণৰ সাৰসহ ট্ৰাকখন জব্দ হোৱাৰ পিছতে কৃষি বিভাগক ইয়াৰ উচিত তদন্ত কৰিবলৈ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাই । 

লগতে পঢ়ক: Appointment controversy: বিজ্ঞাপন নোহোৱাকৈয়ে 19 জনক স্থায়ী নিযুক্তি বিধানসভাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.