সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো ট্ৰাক চালকৰ প্ৰতিবাদ - morigaon news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:34 PM IST

মৰিগাঁও, 2 জানুৱাৰী: মঙলবাৰে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ জাগীৰোডতো ট্ৰাক চালকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । যান-বাহন চলাচলৰ ক্ষেত্ৰত দেশত অচিৰেই আহিব এখন নতুন আইন ৷ জাগীৰোড আঞ্চলিক ট্ৰাক চালক সন্থাই সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷

উল্লেখ্য যে যান-বাহন চলাচলৰ ক্ষেত্ৰত দেশত অচিৰেই প্ৰণয়ন হ’ব এখন নতুন আইন ৷ কেন্দ্ৰীয় চৰকাৰে আনিবলৈ বিচৰা নতুন আইনখনে তোলপাৰ লগাইছে গাড়ী চালকসকলৰ মাজত ৷ নতুন আইনখনৰ মতে কোনো চালকে দুৰ্ঘটনা সংঘটিত কৰিলে দুৰ্ঘটনাত পতিত লোকজনক চিকিৎসালয়লৈ নিব লাগিব আৰু আৰক্ষীক খবৰ দিব লাগিব ৷ অন্যথা ১০ বছৰপৰ্যন্ত জে’ল অথবা ৭ৰ পৰা ১০ লাখ টকা পৰ্যন্ত জৰিমনা দিব লাগিব চালকজনে ৷

উক্ত নতুন আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ অংশৰূপে আইনখনৰ বিৰোধিতাৰে মঙলবাৰে মৰিগাঁও-জাগীৰোডতো প্ৰতিবাদ সাব্যস্ত কৰে জাগীৰোড আঞ্চলিক ট্ৰাক চালক সন্থাই ৷ অতি শীঘ্ৰে এই আইন বাতিল কৰি পুৰণা আইন বাহাল নাৰাখিলে চলাই থকা গাড়ীসমূহ মালিকক চমজাই দি গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে চালকসকলে ৷

লগতে পঢ়ক: হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে কাছাৰত চালকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.