Municipality tax hike : পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে বৰপেটাত ট্ৰাক চালকৰ প্ৰতিবাদ - অস্বাভাৱিক পৌৰকৰ বৃদ্ধি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 1, 2023, 8:53 PM IST

বৰপেটা, ১ এপ্ৰিল : পহিলা এপ্ৰিলৰ দিনাই বৃদ্ধি হ’ল পৌৰকৰ (Municipality tax hike)৷ যাৰবাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনগণ ৷ অস্বাভাৱিক পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে বৰপেটাৰ শংকৰ-মাধৱ মহাবিদ্যালয়ৰ সন্মুখত পথ অৱৰোধ কাৰ্যসূচী পালন কৰে ট্ৰাক চালকসকলে (Truck driver protest in Barpeta) ৷

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, পূৰ্বতে প্ৰতিখন ট্ৰাকে ইটা কঢ়িওৱাৰ বাবদ প্ৰতি হাজাৰ ইটাৰ বাবদ ২০ টকা পৌৰকৰ আদায় দিব লাগিছিল ৷ কিন্তু নতুন পৌৰকৰ অনুসৰি এতিয়া প্ৰতি হাজাৰ ইটাৰ বাবদ ২০ টকাৰ সলনি ১০০ টকা আদায় দিবলগীয়া হৈছে ৷ পৌৰসভাৰ এনে কাণ্ডৰ বিৰুদ্ধে অসন্তুষ্ট ট্ৰাক চালকসকলে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে পৌৰসভাৰ পৌৰকৰ বৃদ্ধিৰ ফলত ইটাৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে ট্ৰাক চালকসকলে ৷ ইয়াৰ ফলত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰী সকলো সমস্যাৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ সেয়ে প্ৰতিহাজাৰ ইটাৰ পৌৰকৰৰ নামত পৌৰসভাই যি অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধি কৰিছে, সেয়া প্ৰত্যাহাৰ নকৰিলে ট্ৰাক চালকসকলে ইটা কঢ়িওৱাটো বন্ধ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Municipality tax hike : পৌৰকৰ সংগ্ৰহক লৈ মৰাণ পৌৰসভা আৰু মৰাণ নগৰ কৰদাতা সংস্থাৰ মাজত সংঘাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.