thumbnail

Accident news : চৰাইদেউত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 3 জন

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 2:19 PM IST

Updated : Sep 10, 2023, 2:30 PM IST

ডিব্ৰুগড়, 10 ছেপ্টেম্বৰ: চৰাইদেউৰ দ'লবাগানত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পাঞ্জাৱ বডিৰ ট্ৰাক বাগৰি পৰিল পথৰ দাঁতিত । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ WB 57 E 2786 ৷ দুৰ্ঘটনাগ্ৰস্ত পাঞ্জাৱবডী ট্ৰাকখনৰ দুই চালক আৰু এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । 

পথ দুৰ্ঘটনাত আহত হৈছে চাহিল শ্বেখ (19), ৰহমত শ্বেখ (22) আৰু বিকাশ যাদৱ (25) । দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই সোণাৰিৰ চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত আটাইকে । সম্প্ৰতি আটাইৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । চৰাইদেউৰ কাণু চাহ বাগিচাৰ পৰা কলকাতালৈ চাহপাত কঢ়িওৱাৰ সময়তে এই পথ দুৰ্ঘটনা হয় । 

লগতে পঢ়ক: Accident news : পথ দুৰ্ঘটনাত গোৱালপাৰাত থিতাতে মৃত্যু হ’ল মেঘালয়ৰ 2 যুৱকৰ

Last Updated : Sep 10, 2023, 2:30 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.