thumbnail

Trinomool Congress protest at Kalgachia: গাঁও কৰ্তন কৰাক কেন্দ্ৰ কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jan 10, 2023, 6:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত মঙলবাৰে তৃণমূল কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Trinamool Congress protest) ৰূপায়ন কৰে। উল্লেখ্য যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও কৰ্তন কৰি বঙাইগাঁও জিলাত অন্তৰ্ভুক্ত কৰাক কেন্দ্ৰ কৰি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলা তৃণমূল কংগ্ৰেছে (Village curtail at Kalgachia)। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, আমাৰ গাঁও কৰ্তন কৰা নচলিব, আমাৰ গাঁও ঘূৰাই দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Trinomool Congress protest at Kalgachia৷)৷ অচিৰেই যদি গাঁও কৰ্তন বন্ধ নকৰে অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । এই সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.