77th independence day: স্বাধীনতা আন্দোলনৰ শ্বহীদৰ স্মৃতিত নগাঁৱত ত্ৰিৰংগা ৰেলী - অষ্টম অসম বেটেলিয়ন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী
🎬 Watch Now: Feature Video
নগাঁও, ১৪আগষ্ট: নগাঁৱৰ ৰাজপথত পুৱাই ত্ৰিৰংগা ৰেলী ৷ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁৱত ত্ৰিৰংগা চাইকেল ৰেলী উলিওৱা হয় । এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰে আৰক্ষী অধীক্ষক নৱনীত মহন্তই । দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবে দেশ জুৰি উদযাপিত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ ৰূপে সোমবাৰে পুৱাই নগাঁও চহৰত উলিওৱা হয় এই ত্ৰিৰংগা ৰেলী ।
নগাঁও ক্লক টাৱাৰৰ পৰা অষ্টম অসম বেটেলিয়ন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে (NCC) চাইকেলেৰে উলিওৱা ত্ৰিৰংগা ৰেলীৰ ফ্লেগ অফ কৰি অংশ গ্ৰহণ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ NCCকেডাৰ সকলে ।
ত্ৰিৰংগা ৰেলীৰ জৰিয়তে দেশৰ স্বাধীনতা আন্দোলনত আত্মবলি দান দিয়া শ্বহীদ সকললৈ সন্মান প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰে অষ্টম অসম বেটেলিয়ন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে । ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু বীৰ ভূমি বঢ়মপুৰৰ হৈ পুনৰ নগাঁও চহৰলৈ উভতি আহে ত্ৰিৰংগা চাইকেল ৰেলী ৷
লগতে পঢ়ক:77th independence day : লখিমপুৰত CRPF ৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা শীৰ্ষক সমদল