Independence Day 2023: হোজাইত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা শীৰ্ষক সমদল - Independence Day 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2023, 10:06 PM IST

হোজাই, 14 আগষ্ট : 77 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ক্ষণ ৷ স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে ৰাইজক সজাগ কৰি এই দিৱসৰ দিনা যাতে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশ প্ৰেমেৰে উদ্বুদ্ধ হয় তাৰ বাবেও পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে ৷

সোমবাৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হোজাই জিলা প্ৰশাসনৰ উদ্যোগত পুৱা এক বৃহৎ ৰেলী উলিওৱা হয় ৷ হোজাই জিলাৰ প্ৰতিটো প্ৰান্তক সামৰি লৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উলিওৱা হয় এই ৰেলীটো। লামডিঙৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰম্ভ হোৱা এই ৰেলীটো লংকা, শংকৰদেৱনগৰ, ডবকা হৈ ৰেংবেঙৰ পৰা উভতি আহি শংকৰদেৱনগৰৰ মহকুমাধিপতি কাৰ্যালয়ত পৰিসমাপ্তি ঘটে ৷

এই কাৰ্যসূচীত হোজাইৰ মহকুমাধিপতি লাচিত দাস, জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা, অতিৰিক্ত উপায়ুক্ত , ৰাজহ চক্ৰ বিষয়া , খণ্ড উন্নয়ণ বিষয়াকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীৰ উপৰিও ডবকা ৰাজহ চক্ৰ , হোজাই ৰাজহ চক্ৰ আৰু লংকা ৰাজহ চক্ৰৰ অধীনৰ কেবা শতাধিক পুৰুষ-মহিলাই শোভাযাত্ৰাত ভাগ লয়।

লগতে পঢ়ক: Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ ব্যাপক তালাচী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.