Pranab Saikia Murder Case: দুৰ্বৃত্তৰ হাতত অকাল মৃত্যু ঘটা প্ৰণৱ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি - লখিমপুৰৰ প্ৰণৱ শইকীয়া হত্যাকাণ্ড
🎬 Watch Now: Feature Video
লখিমপুৰ, ২ আগষ্ট: যোৱা ২৮ জুলাইৰ নিশা দুৰ্বৃত্তৰ হাতত নিহত হোৱা লখিমপুৰৰ চাংমাই গাঁৱৰ গোৱৰীশালিৰ যুৱক প্ৰণৱ শইকীয়াৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ লখিমপুৰ জিলা অসমীয়া যুৱ মঞ্চ আৰু ৰাইজৰ উদ্যোগত মঙলবাৰে লখিমপুৰ নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । আনহাতে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে দুৰ্বৃত্তৰ হাতত নিহত প্ৰণৱ শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে ।
প্ৰণৱ শইকীয়া অমৰ হওক, হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্ল‘গান দিয়ে অসমীয়া যুৱ মঞ্চই ৷ এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় সংগঠটোৱে ৷ আনহাতে, যেতিয়া পৰ্যন্ত প্ৰণৱৰ হত্যাকাৰীক ফাঁচী দিয়া নহয় তেতিয়ালৈকে পৰ্যন্ত অসমীয়া যুৱ মঞ্চই ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি ঘোষণা কৰে ৷
লগতে পঢ়ক:Pranab Saikia Murder: হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব;মন্ত্ৰী জয়ন্ত মল্লৰ পৰিয়ালক আশ্বাস