Tribute to Junmoni Rabha: অপৰাধজগতৰ বিনাশৰ বাবে তুমি আকৌ আহিবা জোনমণি- ভোটাৰ্ছ পাৰ্টীৰ অন্তিম শ্ৰদ্ধাঞ্জলি - ভোটাৰ্ছ পাৰ্টীৰ অন্তিম শ্ৰদ্ধাঞ্জলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 20, 2023, 8:13 PM IST

গুৱাহাটী, ২০ মে’: "আমি জোনমণিক কেতিয়াও লগ পোৱা নাছিলো, আমি তেওঁক টিভিতহে দেখিছিলো ৷ আমি জোনমণিৰ মৃত্যুক সহজে মানি ল’ব পৰা নাই (Jonmani Rabha Death Case update) ৷ কেৱল আমিয়েই নহয় সমগ্ৰ অসমবাসীয়ে জোনমণিৰ মৃত্যুৰ ৰহস্য জানিবলৈ ধৰফৰাই আছে ৷ আমাৰ মনে এই মৃত্যু মানি ল’ব পৰা নাই (Tribute to Junmoni Rabha) ৷" শনিবাৰে মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে মৰিকলং থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক অন্তিম শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰী নেতাই (voters party Tribute to Junmoni Rabha) ৷  

বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাবে ঘোষণা কৰা, নিত্য ব্যৱহার্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰা, নিবনুৱা সমস্যা সমধান কৰা, অসম বিধানসভাৰ পৰা ভোটাৰশ্বিপ'ৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা আদিকে ধৰি ৰাজ্যৰ কেতবোৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে অব্যাহত ৰাখিছে এমাহ জোৰা ধৰ্মঘট কাৰ্যসূচী (Voters party protest in Guwahati) ৷ আজি প্ৰতিবাদস্থলীত ভোটাৰ্ছ পাৰ্টীয়ে আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদী সদস্যসকলে জোনমণি ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  

তাৰ পিচত সকলোৱে হাতে হাতে প্লে’ কাৰ্ড লৈ "অপৰাধ জগত বিনাশৰ বাবে তুমি আকৌ আহিবা জোনমণি" বুলি প্ৰাৰ্থনা কৰি আৰক্ষী বিষয়াগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে ৷ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভোটাৰ্ছ পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ললিত পেগু, উপ সভাপতিদ্বয় ক্ৰমে শিবেন দাস, জীতেন্দ্ৰ কুমাৰ শৰ্মা, ৰাজ্যিক মূখপাত্ৰ পবিত্ৰ বড়ো, ৰাজ্যিক সদস্যা মনোমতী বসুমতাৰীকে প্ৰমুখ কৰি ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও আৰু মাজবাট' ব্লক'ৰ কৰ্মীসকলক উপস্থিত থাকে ৷

এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত (Jonmani Rabha Death Case) শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ (Assam Police Head Quarter) আয়োজন কৰি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰাৰ কথা জানিবলৈ দিছিল ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত সংবাদমেলত কি ক’লে DGP য়ে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.