thumbnail

Tribute to Bhupen Chandra Pegu: জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ভূপেন চন্দ্ৰ পেগুলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Nov 11, 2022, 6:35 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংবাদিক, জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত শোকস্তব্ধ জোনাই প্ৰেছ ক্লাৱৰ পৰিয়াল বৰ্গ(Tribute to Bhupen Chandra Pegu) ৷ ভূপেন চন্দ্ৰ পেগুৱে জোনাইৰ সমাজ জীৱন, সংবাদ-সাহিত্য জগতৰ লগতে শৈক্ষিক দিশলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে(Bhupen Chandra Pegu passes away) । জোনাই প্ৰেছ ক্লাৱ প্ৰতিষ্ঠাৰ পৰা আজিৰ অৱস্থালৈ উপনীত হোৱাৰ ক্ষেত্ৰত অসামান্য ত্যাগ আৰু অবদান আগবঢ়াই থৈ গৈছে । সেয়ে তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে বৃহস্পতিবাৰে বিয়লি ৪ বজাত জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতি তথা জোনাই মহকুমা NPS কৰ্মচাৰী সন্থাৰ সহযোগত জোনাই প্ৰেছ ক্লাৱৰ চৌহদত আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ অনুষ্ঠানত অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.