Tree Plantation at Kaliabor:গ্ৰীষ্মবন্ধৰ শেষৰ দিনটোত কলিয়াবৰত মেহগনি গছপুলি ৰোপণ

By

Published : Aug 1, 2023, 8:47 PM IST

thumbnail

কলিয়াবৰ, ১ আগষ্ট: এফালৰ পৰা পৃথিৱীৰ সেউজী ৰূপটো নোহোৱা হৈ অহাৰ সময়তে গছপুলি ৰোপণেৰে কলিয়াবৰত এজন প্ৰকৃতিপ্ৰেমীয়ে দাঙি ধৰিছে সুন্দৰ নিৰ্দশন । গ্ৰীষ্মবন্ধৰ শেষৰ দিনটোত বৃক্ষৰোপণেৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা সমাজকৰ্মী,শিক্ষক,শিল্পী ৰঞ্জিত ভট্টাচাৰ্যৰ ।  

শিক্ষক,শিল্পী ৰঞ্জিত ভট্টাচাৰ্যৰ পৰিয়ালৰ একক প্ৰচেষ্টাত গোলাঘাটৰ এটা প্ৰতিষ্ঠানৰ সহযোগত আৰম্ভ কৰিলে বৃক্ষৰোপণ । কলিয়াবৰৰ আক্ৰোহীচুকৰ সেউজ পৰিৱেশত শতাধিক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ব‍্যৱসায়িক ভিত্তিক হ'লেও চাৰি বিঘা মাটিত মেহগনি আৰু চেগুন পুলি ৰোপন কৰিছে ৰঞ্জিত ভট্টাচাৰ্য‍্যই । বিশিষ্ট লেখক, শিক্ষক, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা¸বিশিষ্ট শিক্ষাবিদ,শিক্ষক ধীৰেণ হাজৰিকা¸চিত্ৰশিল্পী¸সাংবাদিকে ৰোপণ কৰিলে মেহগণি বৃক্ষ । বামুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকীমান উৎসাহী ছাত্ৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Unidentified Animal Disease: মৰাণৰ বিভিন্ন প্ৰান্তত অচিন ৰোগত আক্ৰান্ত শ শ গৰু-ছাগলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.