37 No NH Blocked: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাগৰিল গছ, স্তব্ধ যাতায়ত ব্যৱস্থা - ৩৭ নং ৰাষ্ট্ৰীয় পথত অঘটন
🎬 Watch Now: Feature Video


Published : Sep 7, 2023, 8:45 PM IST
কলিয়াবৰ, 7 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ৩৭ নং ৰাষ্ট্ৰীয় পথত অঘটন সংঘটিত হৈছে ৷ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত সৰুভগীয়াৰ ৰাজপথত বৰষুণ আৰু তীব্ৰ বতাহৰ মাজতে উভালি পৰে এজোপা প্ৰকাণ্ড গছ। ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথটোত স্তব্ধ হৈ পৰে উজনি-নামনিৰ যাতায়ত ৷
আজি সন্ধিয়া বৰষুণৰ লগতে অহা প্ৰচণ্ড বতাহৰ ফলত 37 নং ৰাষ্ট্ৰীয় পথটোৰ কাষতে থকা এডাল প্ৰকাণ্ড গছ ৰাজপথৰ মাজতে বাগৰি পৰে। সৌভাগ্যবশতঃ এই ঘটনাত কোনো বাহন বা পথাচাৰীৰ হানি-বিঘিনি ঘটা নাই ৷ এই ঘটনাৰ পাচতেই স্থানীয় ৰাইজ, আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ পথটো মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
সম্প্ৰতি পথটোৰে সৰু-সৰু বাহন পাৰ হৈছে যদিও ডাঙৰ বাহনসমূহ পথচোৱাৰ পৰা গছডাল আঁতৰ কৰাৰ পাচতহে যাতায়ত কৰিব পাৰিব। ফলত এতিয়া পথৰ দুয়োকাষে বাহনৰ দীঘলীয়া শাৰী দেখা গৈছে ৷