Mushroom cultivation: বাক্সা জিলাৰ বৰমাত কাঠফুলা তৈয়াৰ কৰাৰ প্ৰশিক্ষণ - বাক্সা জিলাৰ বৰমাত কাঠফুলা তৈয়াৰ কৰাৰ প্ৰশিক্ষণ
🎬 Watch Now: Feature Video

বাক্সা জিলাৰ বৰমাত মিনা মাচৰুম ফাৰ্মৰ উদ্যোগত স্থানীয় মহিলা আত্মসহায়ক গোট সমূহক কাঠফুলা খেতিৰ ওপৰত প্ৰদান কৰিছে প্ৰশিক্ষণ (Training in mushroom cultivation in Borma) ৷ মিনা মাচৰুম ফাৰ্মৰ প্ৰশিক্ষক মিনা বেগমে ক’লে, কাঠফুলা এবিধ উৎকৃষ্ট খাদ্য(Mushroom cultivation) ৷ সকলো ব্যক্তিয়ে এই খাদ্য খাব পাৰে ৷ বিশেষকৈ মধুমেহ, উচ্চ ৰক্তচাপ থকা লোকে এই খাদ্য খালে বহুখিনি উপকৃত হ'ব পাৰে ৷ যি সময়ত অসমৰ একাংশ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ গৈ কাম বিচাৰি হাবাথুৰি খাব লগা হৈছে, এনে সময়ত ৰাজ্যৰ একাংশ মহিলাই ঘৰতে বহি কাঠফুলাৰ খেতি কৰি নিজকে স্বাৱলম্বী হোৱাৰ পথ বাছি লৈছে ৷
Last Updated : Feb 3, 2023, 8:35 PM IST