Tragic Road Mishap: ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱক - road accident in Majuli
🎬 Watch Now: Feature Video


Published : Sep 28, 2023, 7:08 AM IST
মাজুলী, 28 ছেপ্টেম্বৰ : বুধবাৰে নিশা মাজুলীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা ৷ জিলাখনৰ 1 নং কঢ়াল গাঁৱৰ গায়ন চুকত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক । মৃত যুৱকজন দ্বীপ শইকীয়া (26) বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, AS 03 AB 2639 নম্বৰৰ দুচকীয়া বাহনখনেৰে দক্ষিণপাট দিশৰ পৰা ঘৰ অভিমুখে আহি থকাৰ অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বাইক আৰোহী দ্বীপ শইকীয়া । লগে লগে স্থানীয় ৰাইজে 108 সেৱাৰ লগত যোগাযোগ কৰিছিল যদিও 108 সেৱা পলমকৈ আহে ৷ ফলত যুৱকজনক হাস্পতাললৈ নিয়া হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ ইফালে খবৰ দিয়াৰ পিচতো বহু পলমকৈ দুৰ্ঘটনাস্থলীত 108 সেৱা উপস্থিত হোৱাত ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: Open pit in Guwahati:গুৱাহাটীত উন্মুক্ত গাঁতে মাতিছে বিপদ: গাঁতত পৰিল মটৰচাইকেলসহ যুৱক