Police take bribe : মাত্ৰ 20 টকাৰ উৎকোচ লৈ চাকৰি হেৰুৱালে যান-বাহন আৰক্ষীৰ জোৱানে

By

Published : Jul 4, 2023, 11:22 AM IST

thumbnail

শিলচৰ, 4 জুলাই : পুনৰ দাগ লাগিল অসম আৰক্ষীত  উৎকোচ লৈ নিলম্বন হ’ল যান-বাহন আৰক্ষীৰ এজন জোৱান ৷ আৰক্ষী জোৱানগৰাকীৰ নাম পিংকু দাস বুলি জানিবলৈ পৰা গৈছে ৷ শিলচৰত সংঘটিত হৈছে এই ঘটনা ৷

উল্লেখ্য যে, শিলচৰৰ কেপিটেল পইণ্টত টেক্সি চালক এজনৰ পৰা পিংকু দাসে ধন দাবী কৰি থকা দৃশ্য আৱদ্ধ হৈছিল মোবাইলৰ কেমেৰাত ৷ সমগ্ৰ দৃশ্যাংশ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতে ব্যৱস্থা গ্ৰহণ কৰে কাছাৰ আৰক্ষীয়ে ৷ কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে শিলচৰ দক্ষিণ অসম আৰক্ষী ৰেঞ্জৰ ডি আই জিৰ নিৰ্দেশত পিংকু দাসক চাকৰিৰ পৰা নিলম্বন কৰে । 

উল্লেখ্য যে, ৰাজ্যজুৰি দুৰ্নীতিগ্ৰস্ত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তীব্ৰ অভিযান অব্যাহত ৰখাৰ পাচতো গা-লৰা পৰিলক্ষিত হোৱা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ  ৷

লগতে পঢ়ক :  Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.