শ্ৰীপীতাম্বৰ দেৱ-ভজনানন্দ দেৱ থানত ২১৮ সংখ্যক ন-লগোৱা উৎসৱ - শ্ৰীপীতাম্বৰ দেৱ ভজনানন্দদেৱ থানৰ নলগোৱা উৎসৱ
🎬 Watch Now: Feature Video
Published : Dec 3, 2023, 5:07 PM IST
যোৰহাট , ৩ ডিচেম্বৰ : যোৰহাটৰ শ্ৰীপীতাম্বৰ দেৱ আৰু ভজনানন্দ দেৱ থানত আজি ২১৮ সংখ্যত ন-লগোৱা উৎসৱ পালন কৰা হয় । যোৰহাটৰ উত্তৰ পশ্চিম যোৰহাটৰ জানখনা নহটীয়াত অৱস্থিত শ্ৰীপীতাম্বৰ দেৱ আৰু ভজনানন্দদেৱ থানত দেওবাৰে ন-লগোৱা উৎসৱত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক জনসমাগম ঘটে । ন-লগোৱা উৎসৱত মায়ামৰা সম্প্ৰদায়ৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে ।
ভক্তসকলে থানত ধূপ- চাকি-নৈবদ্য আগৱঢ়াই নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰে । সমূহীয়াকৈ ন-লগোৱা উৎসৱৰ সাক্ষী হ'বলৈ ভিন্ন প্ৰান্তত থকা মায়ামৰা সম্প্ৰদায়ৰ লোকসকলৰ সোঁত বয় । আনহাতে, পূণ্য় তীৰ্থভূমি শ্ৰীপীতাম্বৰ দেৱ আৰু ভজনানন্দদেৱৰ থান আজি অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উক্ত থানখনলৈ সংকট নমাই আনিছে । প্ৰত্যেক বছৰে থানখনৰ ওচৰত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণা কৰে । সেয়েহে উক্ত থানখন যাতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ নাযায় তাৰবাবে ৫নং আৰু ৬ নং স্পাৰ পুনৰ মেৰামতি কৰাটো অপৰিহাৰ্য হৈ পৰিছে । সেয়েহে মায়ামৰা সম্প্ৰদায় তথা অঞ্চলবাসী ৰাইজে উক্ত থানখন খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
লগতে পঢ়ক :গুৱাহাটীৰ ভূমিৰ নথি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত