Boating competition: সোণাৰিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা - Traditional games of Assam
🎬 Watch Now: Feature Video
Published : Nov 14, 2023, 8:57 PM IST
চৰাইদেউ,১৪ নৱেম্বৰ: অসমৰ এক পৰম্পৰাগত খেল হৈছে নাও খেল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পৰম্পৰাগত নাও খেল অনুষ্ঠিত হৈ আহিছে । মঙলবাৰে পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ সোণাৰিৰ বৰাহীত নাইন ষ্টাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় এই নাও খেল । দীপাৱলীৰ লগত সংগতি ৰাখি পৰম্পৰাগত নাওখেল আয়োজন কৰা হয় বৰাহীৰ দিচাং নদীত ।
এই প্ৰতিযোগিতাত ১০ খন প্ৰতিযোগী নাৱে যোগদান কৰে ৷ প্ৰত্যেক বছৰে বৰাহী নগাঁওবাসী ৰাইজে পৰম্পৰা ৰক্ষা কৰি দিচাং নদীত অনুষ্ঠিত কৰে এই নাও খেল প্ৰতিযোগিতা । সোণাৰিৰ বৰাহীত পৰম্পৰা ৰক্ষাৰ প্ৰয়াস অঞ্চলবাসীৰ । প্ৰতিযোগিতাৰ বিজয়ী দললৈ আগবঢ়াই এটা ছাগলী, পাতিহাঁহ আৰু নাৰিকল । বিগত বহু বছৰৰ পৰা অনুষ্ঠিত হোৱা আকৰ্ষণীয় প্ৰতিযোগিতাখনত সহযোগিতা আগবঢ়াই স্থানীয় বহু কেইটা দলে ।
লগতে পঢ়ক: Post diwali pollution in Guwahati:পোহৰৰ উৎসৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নমাই আনিব নেকি অমানিশা?