Tractor seized in Bongaigaon: অবৈধভাৱে মাটি খনন কৰা ট্ৰেক্টৰ জব্দ - Tractor seized in North Salmara
🎬 Watch Now: Feature Video
মাণিকপুৰ, ৭ মে': বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহুকুমা আৰক্ষী বিষয়া কৰ্ণব পাটোৱাৰীৰ নেতৃত্বত চলোৱা এক অভিযানত শৌলমাৰী গাঁৱৰ পোকালাগী নৈৰ পৰা তিনিখন ট্ৰেক্টৰ আৰু এখন এক্সাভেটৰ জব্দ কৰিবলৈ সক্ষম হয় (Tractor seized in North Salmara)। যোৱা কিছু দিন ধৰি শৌলমাৰী পোকালাগী নৈত একাংশ লোকে এক্সেভেটৰৰে অবৈধভাৱে নদীত খনন কাৰ্য চলাই আছিল । অৱেশষত ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে মহকুমা আৰক্ষীয়ে অভিযান চলাই তিনিখন ট্ৰেক্টৰ আৰু এখন এক্সাভেটৰ জব্দ কৰে (Tractor seized in Pokalagi River)।
জব্দ কৃত বাহন কেইখন কোকিলা আৰক্ষী নিৰীক্ষণ চকীলৈ নিয়াৰ পিচত প্ৰতিখন বাহনক জৰিমনা বিহে । বাহন কেইটাৰ নম্বৰ ক্ৰমে AS 19 AC 0344, AS 15 AC 4501, AS 19 AC 2621 আৰু JCB ৰ নম্বৰটো হ’ল AS 15 AC 4388 । মহকুমা আৰক্ষী বিষয়া কৰ্ণব পাটোৱাৰীয়ে উল্লেখ কৰা মতে, তিনিখন ট্ৰেক্টৰ আৰু এখন এক্সাভেটৰেৰে যি খনন চলাই আছিল সেয়া সম্পূৰ্ণ অবৈধ ।