thumbnail

Kamakhya Temple in Kaliabor:শিলঘাটত প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাচুৰ্য‍ৰ মাজত নিৰ্মাণ হ'ব পৰ্যটন আৱাস

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 4:26 PM IST

কলিয়াবৰ, ৬ ছেপ্টেম্বৰ:কলিয়াবৰৰ শিলঘাটৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাচুৰ্য‍ৰ মাজত নিৰ্মাণ হ'ব পৰ্যটন আৱাস। শিলঘাটত মঙলবাৰে এই কথা সদৰী কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ন কোটি টকা ব্যয়ৰে চলিত বৰ্ষতে নিৰ্মাণ আৰম্ভ হ'ব পৰ্যটন আৱাসটোৰ ।  

অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত নিৰ্মাণ হ'ব অত্যাধুনিক পৰ্যটন আৱাসটো । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাৰ আৰু বিভাগটোৰ বিষয়াৰ এটা দলে কালি শিলঘাটত ক্ষেত্ৰ অধ্যয়ণ কৰে ।  

উল্লেখ্য যে, কিছুদিন পূৰ্বে শিলঘাটৰ কামাখ্যা মন্দিৰত পদাৰ্পন কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক অঞ্চলটোত এটা পৰ্যটন আৱাস নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বিভাগটোৱে এনে পদক্ষেপ গ্ৰহণ কৰাৰ পৰিকল্পনা কৰে ।

লগতে পঢ়ক:Power Minister's effigy burnt: ডিব্ৰুগড়ৰ ১৫ টাকৈ স্থানত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.