Jonai TMPK: জোনাইত জিলা TMPK ৰ দাবী দিৱস পালন - জোনাইত জিলা TMPK ৰ দাবী দিৱস পালন
🎬 Watch Now: Feature Video

জোনাই,৫ মে': বৃহস্পতিবাৰে জোনাইত জোনাই জিলা TMPK ৰ উদ্যোগত সংগঠনটোৰ দাবী দিৱস পালন কৰে (TMPK demand Day observed in Jonai) ৷ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিছিংসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন TMPK য়ে মিচিংসকলৰ মৌলিক আৰু সাংবিধানিক অধিকাৰ বিচাৰি ১৯৮৪ চনৰ পৰাই প্ৰতিবছৰে মে’ মাহৰ ৫ তাৰিখটো দাবী দিৱস হিচাবে পালন কৰি আহিছে (Demand Day observed) ৷
বৃহস্পতিবাৰে এই দাবী দিৱসটিত বিভিন্ন আঞ্চলিক সমিতিৰ পৰা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি ‘ঙাচাৰ চুক্ উকুম’ৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়লৈ এক ৰেলী উলিয়াই (Demand for fundamental and constitutional rights) । মিচিং সমাজৰ জাতীয় উৎসৱ লিগাঙৰ দিনটো বন্ধ দিয়া, ষষ্ঠ অনুসূচী প্ৰদান কৰা, মিচিং ভাষাক অষ্টম অনুসূচীৰ মৰ্যাদা দিয়াকে ধৰি ১৪ টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: Moral police at Teok: যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি অশ্লীল ভিডিঅ’ প্ৰস্তুত