কঠীয়াতলীত তিৱা সকলৰ ভোগালী বিহু উদযাপন, আনন্দত মতলীয়া গাওঁবাসী - Magh Bihu
🎬 Watch Now: Feature Video


Published : Jan 17, 2024, 3:53 PM IST
বঢ়মপুৰ, 17 জানুৱাৰী : কঠীয়াতলীত তিৱা সকলৰ মাঘ বিহু উদযাপন ৷ বিগত বৰ্ষৰ দৰে এই বৰ্ষও কঠীয়াতলীৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাবে ওপৰবৰ লালুং গাঁৱত দেখা গ’ল উছৱমুখৰ পৰিৱেশ ৷ পুৱাৰে পৰা গাওঁখনত এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয় ৷
অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি গাওঁখনৰ তিৱা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিলে মাঘ বিহু ৷ উৰুকাৰ দিনা বুকলুং বিলত ৰাজহুৱাভাৱে গাঁৱৰ ৰাইজে মৎস্য চিকাৰ কৰে আৰু গাঁৱৰ সোঁ-মাজত মেজি আৰু ভেলাঘৰ সাজি সকলোৱে মিলি এসাজ খায় ৷ সম্পূৰ্ণ মাংগলিক নীতি-নিয়মৰ মাজেৰে সকলো কাম সমাপ্ত কৰি গাওঁখনৰ সকলোৱে নাচি-বাগি মিলাপ্ৰীতিৰে ভোজ -ভাত খাই আনন্দত আত্মহাৰা হৈ পৰে ৷ ভেলাঘৰৰ পৰাই অসমবাসীক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰে গাঁওবাসীয়ে ৷
লগতে পঢ়ক : 40 হাল ম'হৰ যুঁজত কঁপিল ৰহাৰ দেওবালি পথাৰ