thumbnail

By

Published : Jan 2, 2023, 6:22 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ

ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনাই মৰিগাঁৱত প্ৰতিবাদ বহিল জিলাখনৰ কেবাটাও তিৱা সংগঠন (Tiwa organisation protest in Morigaon) ৷ মৰিগাঁও সদৰ বিহুতলিত অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত (Delimitation in Assanm) মৰিগাঁও জিলাত ২ টা আৰু নগাঁও জিলাত ১ টা বিধানসভা সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণ কৰা, তিৱা স্বায়ত্তপৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰিও আন কেইবা দফীয়া দাবীৰে সোমবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, ঐতিহাসিক তিৱা ৰাজদৰবাৰ আদি সংগঠনসমূহে ২ ঘন্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে । যদিহে চৰকাৰে শীঘ্ৰে প্ৰতিবাদকাৰীৰ দাবী পূৰণ নকৰে তেনেহ’লে মধ্য অসম জ্বলিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সংগঠনসমূহে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.