NEET 2023 result: NEET পৰীক্ষাত টিংখাঙৰ ছাত্ৰৰ সাফল্য - Student of Assam success in NEET exam 2023

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 14, 2023, 2:11 PM IST

মৰাণ, ১৪ জুন: সৰ্বভাৰতীয় পৰীক্ষাত উজলিল টিংখাঙৰ এজন মেধাৱী ছাত্ৰ । সদ্যঘোষিত National Eligibility cum Entrance Test (NEET) 2023ৰ ফলাফলত টিংখাঙৰ ৰাজগড়ৰ কৃতি ছাত্ৰ মানস উত্তম নেওগে সৰ্বমুঠ ৬২১ নম্বৰসহ সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।  

উল্লেখ্য় যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো মেধাৱী ছাত্ৰ মানসে টিংখাঙৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰিছিল । ড৹ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ,কৰ্মাচ এণ্ড ছায়েন্সত অধ্যয়ন কৰা মানস টিংখাং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা ভাস্কৰ নেওগ আৰু নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ৰিজুমণি নেওগৰ পুত্ৰ । এই পৰীক্ষাৰ বাবে দৈনিক প্ৰায় ৭ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি কয় মানস উত্তমে ।

লগতে পঢ়ক:Maligaon Accident: নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব মালিগাঁৱৰ পথ- মুখ্যমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.