মুকলিকৈ ঘুৰি ফুৰিছে বন্যজন্তু, ভয়ত কঁপিছে জামুগুৰিহাটবাসী - Tiger free raming in Assam
🎬 Watch Now: Feature Video
Published : Dec 21, 2023, 1:13 PM IST
|Updated : Dec 21, 2023, 1:37 PM IST
চতিয়া,২১ ডিচেম্বৰ: বনাঞ্চল এৰি জনাঞ্চললৈ বন্যপ্ৰাণী । কেতিয়াবা যদি বন্যহস্তী, আন কেতিয়াবা বাঘৰ সন্ত্ৰাস । এইবাৰ জামুগুৰিহাটৰ বাকোলা গাঁৱত বুধবাৰে নিশা বাঘৰ আতংক ৷ বনৰজাক লৈ সমগ্ৰ গাঁওখনৰ ৰাইজৰ মাজত নিশাৰ ভাগত সৃষ্টি হয় হুৱা দুৱা পৰিৱেশৰ ৷ আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলটোৰ ৰাইজ । দৰাচলতে জামুগুৰিহাটৰ বাকোলা গাঁৱৰ এঘৰ মানুহৰ বাৰীত উদ্ধাৰ হয় বাঘ সদৃশ এটা বন্য জন্তু ৷
যাক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰে এক আতংকময় পৰিৱেশে । আতংকিত গাঁওবাসীয়ে লগে লগে খবৰ দিয়ে বনবিভাগক ৷ পিছত বন বিভাগৰ লোক আহি সন্দেহজনক বাঘটো উদ্ধাৰ কৰি লৈ যোৱাতহে শান্ত হয় গাঁওবাসী ৷ সাইলাখ বাঘ যেন দেখা বন্য জন্তুটো আচলতে কি বন বিভাগৰ লোকেও বৰ্তমানলৈ নিশ্চিত কৰিব পৰা নাই ৷
লগতে পঢ়ক: চাহ মজদুৰ সংঘৰ বিষয়ববীয়া নিৰ্বাচনত জালিয়াতি, সংবিধান উলংঘাৰ অভিযোগ