thumbnail

ডিব্ৰুগড়ত পুনৰ বাঘৰ আতংক, ফটকা ফুটাই বাঘ খেদিবলৈ ৰাইজক পৰামৰ্শ বন বিভাগৰ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 1:16 PM IST

মৰাণ, 26 ডিচেম্বৰ : ডিব্ৰুগড়ৰ খোৱাং হালধিবাৰীৰ কেইবাখনো গাঁৱত পুনৰ বাঘৰ আতংক ৷ বিগত প্ৰায় এটা মাহে তিনিটাকৈ নাহৰফুটুকীয়ে নিদ্ৰাহৰণ কৰিছে গাঁওবাসীৰ ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন এই হালধিবাৰী বৰপথাৰ অঞ্চলত ফুট গধুলিতে গোহালিৰ পৰা গৰু-ছাগলী ধৰি নি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে তিনিটাকৈ নাহৰফুটুকী বাঘে ৷ স্থানীয় এঘৰ লোকৰ ঘৰৰ চিচিটিভিত আৱদ্ধ হৈছে নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ৷ 

ইতিমধ্যে নাহৰফুটুকীৰ বিচৰণৰ সন্দৰ্ভত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পাচতো বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ ইফালে ৰাইজৰ অভিযোগ অনুসৰি বনবিভাগৰ লোক আহি অঞ্চলটোৰ প্ৰতিটো পৰিয়ালক বাঘ খেদিবলৈ 3/4 টাকৈ নুফুটা ফটকাৰ পেকেট দি নিজৰ দায়িত্ব সামৰিছে ৷ শীঘ্ৰে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰি নাহৰফুটুকীকেইটা কৰায়ত্ত কৰিবলৈ ভুক্তভোগী ৰাইজে চৰকাৰ তথা বন বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক: মহানগৰীৰ দক্ষিণগাঁও বালিজানত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.