পূব মাজুলীত বাঘৰ আতংক - সত্ৰপীঠ মাজুলী
🎬 Watch Now: Feature Video
Published : Jan 6, 2024, 7:54 PM IST
মাজুলী, 6 জানুৱাৰী : হাতী-গঁড়ৰ পিচত সত্ৰপীঠ মাজুলীত এইবাৰ বাঘৰ আতংক । যোৱা কিছুদিন ধৰি পূব মাজুলীৰ বিভিন্ন অঞ্চলৰ লগতে উজনি মাজুলীৰ বিভিন্ন অঞ্চলত বাঘৰ বিচৰণ দেখিছে বুলি ৰাইজে জানিবলৈ দিছে ৷ ভয়ত ঘৰৰ পৰা ওলাব পৰা নাই ৰাইজ ৷
শনিবাৰে পেৰাভাৰী গাঁৱৰ এজন লোকে পথাৰলৈ যোৱা অৱস্থাত বাঘ দেখা বুলি জানিবলৈ দিয়াৰ পিচতে অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ । বন-বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও বাঘৰ খোজ বা বাঘ থকাৰ উমান বৰ্তমানলৈ লাভ কৰা নাই । বন-বিভাগৰ লোকে পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অঞ্চলটোত । বিগত মঙলবাৰে স্থানীয় ৰাইজে বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰিছিল শালমৰাৰ মুখৰ আগৰ চাপৰিত । বাঘে যাতে কাকো অপকাৰ কৰিব নোৱাৰে তাৰ বাবে বন-বিভাগৰ ফালৰ পৰা বিভিন্ন অঞ্চলত পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : নগাঁৱৰ ননৈত বাঘৰ ভৰিৰ ছাপ প্ৰত্যক্ষ, আতংকময় পৰিৱেশ