গঁড়ৰ আক্ৰমণত আহত তিনিজনকৈ লোক - মৰিগাঁও অসামৰিক চিকিৎসালয়
🎬 Watch Now: Feature Video


Published : Nov 18, 2023, 2:19 PM IST
মৰিগাঁও, 18 নৱেম্বৰ: মৰিগাঁও ভূৰাগাঁৱৰ পাভকাটি চাপৰিত গঁড়ৰ আক্ৰমণত আহত তিনিজনকৈ লোক । আহত লোককেইজন ক্ৰমে নুৰ মহম্মদ (30), খুশেদ আলী আৰু আছাৰুল ইছলাম (22) বুলি জানিব পৰা গৈছে । লোককেইজনক ভূৰাগাঁও স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
ঘটনাৰ বিৱৰণ অনুসৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পাভকাটি চাপৰিত ৰাতিপুৱা অনুমানিক 6 বজাত ঘৰৰ পৰা গৰুৰ ঘাঁহ কাটিবলৈ ওলাই যাওঁতেই গঁড়ৰ আক্ৰমণত গুৰুতৰ বাবে জখম হয় তিনিজনকৈ লোক ।
উল্লেখ্য যে গঁড়টো ক’ৰ পৰা, কেনেকৈ আহি মৰিগাঁও পাভকাটি চাপৰিত বিচৰণ কৰিছে সেই সন্দৰ্ভত মৰিগাঁও বন বিভাগে কোনো তথ্য সদৰী কৰা নাই ।
লগতে পঢ়ক: গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ