চাৰি দিনৰ অন্তত যোৰহাট আৰক্ষীৰ জালত তিনি ডকাইত

🎬 Watch Now: Feature Video

thumbnail

যোৰহাট, 29 নৱেম্বৰ : এশ গৰু মাৰিলে বাঘৰো মৰণ... অৱশেষত যোৰহাট আৰক্ষীৰ জালত পৰিল তিনি ডকাইত ৷ যোৱা 25 নৱেম্বৰৰ নিশা প্ৰায় 9.30 বজাত যোৰহাটৰ ঠাকুৰবাৰী মাৰোৱাৰী পট্টিত হোৱা ডকাইতিকাণ্ডত জড়িত আছিল ধৃত ডকাইত তিনিটা ৷ ধৃত ডকাইত তিনিটা উপেন সৰকাৰ, মন্টু সৰকাৰ, আৰু অভিজিত সৰকাৰ বুলি জানিব পৰা গৈছে ৷

তিনি ডকাইতৰে ঘৰ শিৱসাগৰৰ পলাশনিত বুলি জানিব পৰা গৈছে ৷ বৰ্তমানো পলাতক হৈ আছে বিপ্লৱ কাকতি, পংকু দাস, বিজয় ওৰফে বিকাশ পাল ৷ আৰক্ষীয়ে ডকাইত তিনিটাৰ পৰা 4.5 লাখ টকা আৰু এটা হেলমেট জব্দ কৰিছে ৷ 

উল্লেখ্য যে, সেই দিনা ৰাতি দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পথত চাৰিখন মটৰ চাইকেলত অহা ডকাইতৰ দলে মিহিৰ ডালমিয়া নামৰ এজন যুৱ ব্যৱসায়ীক আক্ৰমণ কৰি টকাৰ বেগ কাঢ়ি লৈ গৈছিল ৷ বেগটোত 16 লাখ 50 হেজাৰ টকা থকা বুলি ব্যৱসায়ীজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । তাৰ পিচৰে পৰা যোৰহাট আৰক্ষী আৰু শিৱসাগৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই আছিল ৷ এই ডকাইতি ঘটনাৰ লগত ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

বৰ্তমান তিনি ডকাইতক যোৰহাট সদৰ থানাত জেৰাৰ চলাই থকা হৈছে ৷ ডকাইতকেইটাই ব্যৱহাৰ কৰা দুখন নম্বৰ প্লেটবিহীন বাইকো জব্দ কৰিছে।

লগতে পঢ়ক: বিষাক্ত দ্ৰব্য সেৱন কৰি চাৰি বান্ধৱীৰ আত্মহননৰ চেষ্টা, এগৰাকীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.