অৱশেষত আৰ্থিক অনাটনে কাঢ়িলে পত্নী-কন্যাসহ চিন্তাহৰণৰ প্ৰাণ
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 2 ডিচেম্বৰ : ত্ৰিপুৰাৰ মেলাঘৰ পৌৰসভাৰ ঠাকুৰপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ কীটনাশক দ্ৰব্য সেৱন কৰি একেটা পৰিয়ালৰ তিনিজন লোকৰ আত্মহত্যা ৷ আৰ্থিক সংকটৰ বাবে স্বামী-স্ত্ৰী আৰু কন্যাই আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ নিহত তিনিওজনৰ নাম চিন্তাহৰণ পাল, প্ৰতিমা পাল আৰু মণিকা পাল বুলি জানিব পৰা গৈছে ৷
ইয়াৰে নিহত চিন্তাহৰণ পাল পেছাত এজন মৃৎশিল্পী আৰু পত্নী প্ৰতিমা এখন বিদ্যালয়ৰ ৰন্ধনকৰ্মী আছিল ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ আনহাতে, স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, আৰ্থিক সংকটৰ বাবে আত্মহত্যা কৰিছে তিনিওজনে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে পুৱাৰ ভাগতে গাঁৱৰে এগৰাকী মহিলা প্ৰতিমা পালৰ ঘৰলৈ গৈছিল ৷ কিন্তু বাৰে বাৰে মাতি থকাৰ পাচতো প্ৰতিমা পালে কোনো সঁহাৰি নিদিয়াত স্থানীয় ৰাইজক খবৰ দিয়ে মহিলাগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ৷ তেতিয়াই ঘৰৰ ভিতৰত তিনিওজনৰে নিথৰ দেহ পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে ৷
লগতে পঢ়ক : আলগাপুৰৰ ড্ৰাগছ বিক্ৰেতালৈ নাগৰিকৰ সতৰ্কবাণী